HSLC exam results 2023 : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱৰ

By

Published : May 22, 2023, 4:23 PM IST

thumbnail

লখিমপুৰ, ২২ মে’ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলে আনন্দৰ জোৱাৰ তুলিছে ৰাজ্যত (HSLC exam results 2023) ৷ ৰাজ্যৰ বহু বিদ্যালয়ৰ লেখিয়াকৈ লখিমপুৰতো দেখিবলৈ পোৱা গ’ল আনন্দৰ বন্যা ৷ জিলাখনৰ সোণাপুৰ পুখুৰীয়া হাইস্কুল পৰা ৫৯১ নম্বৰ লাভ কৰি চতুর্থ স্থানত উজলিল ৰাজীৱ পাল ৷

বোকানদী নিবাসী অমূল্য পাল আৰু সুমিত্ৰা পালৰ পুত্ৰ ৰাজীৱে অতি কষ্টৰে পঢা-সুনা কৰি এই স্থান লাভ কৰিবলৈ সক্ষম হৈছে । অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান ৰাজীৱৰ পিতৃয়ে তৈয়াৰ কৰে মাটিৰ চাকি । অৱশেষত পিতৃৰ আশা পুৰণ কৰি আজি সকলোৰে আদৰৰ হৈ পৰিছে HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱ ৷

ৰাজীৱৰ এই সফলতাত এতিয়া আনন্দিত হৈ পৰিছে পৰিয়ালৰ লগতে বিদ্যালয়ৰ শিক্ষক সমাজো ৷ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱ পালে ৷

লগতে পঢ়ক : HSLC exam results 2023 : অদিতি আৰু সঞ্জনাই আনিলে ছেইণ্ট মেৰিজলৈ সুনাম

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.