Protest against rising property tax: পৌৰসভাৰ বৰ্দ্ধিত সম্পত্তিৰ কৰৰ বিৰুদ্ধে কোকৰাঝাৰত নাগৰিক সভাৰ প্ৰতিবাদ

By

Published : Mar 18, 2023, 2:03 PM IST

thumbnail

কোকৰাঝাৰ, ১৭ মাৰ্চ : কোকৰাঝাৰ চহৰৰ শ শ ৰাইজে নাগৰিক সভা আৰু প্ৰতিবাদী সমদলত অংশ লৈ কোকৰাঝাৰ পৌৰসভাৰ কঠিন সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে (Protest against rising property tax) ৷ কোকৰাঝাৰ পৌৰসভাৰ বৰ্দ্ধিত সম্পত্তিৰ কৰক লৈ কোকৰাঝাৰবাসী ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে (Rising property tax in municipalities) ৷ কোকৰাঝাৰ পৌৰসভাৰ এই কঠিন সিদ্ধান্তৰ প্ৰতিবাদ জনাই শুকুৰবাৰে বিটিআৰ সদৰ কোকৰাঝাৰ চহৰত এক নাগৰিক সভা অনুষ্ঠিত কৰাৰ লগতে প্ৰতিবাদী সমদল উলিওৱা হয় ৷

কোকৰাঝাৰ চহৰৰ সচেতন নাগৰিক মঞ্চ নামৰ নৱগঠিত সংগঠনটোৰ উদ্যোগত এই নাগৰিক সভা আৰু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ উল্লেখযোগ্য যে, পৌৰসভাৰ বৰ্দ্ধিত সম্পত্তিৰ কৰ বৃদ্ধিৰ প্ৰতিবাদ জনাই প্ৰথমে কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰত অনুষ্ঠিত হয় নাগৰিক সভা ৷ কোকৰাঝাৰ চহৰৰ শ শ ৰাইজে নাগৰিক সভাত অংশ লৈ কোকৰাঝাৰ পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ইয়াৰ পাছতে ৰাসমেলা পথাৰৰ পৰা সমদল উলিওৱা হয় ৷ প্ৰতিবাদী সমদল কাৰ্যসূচীৰ নেতৃত্ব দিয়ে মঞ্চৰ সভাপতি তথা বিপিএফ নেতা খাম্পা বৰগয়াৰীয়ে ৷

হাতে হাতে বিভিন্ন দাবী সম্বলিত প্লেকাৰ্ড লৈ পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি সমদলকাৰী সকলে বজাৰ আৰ এন বি ৰোড হৈ কোকৰাঝাৰ পৌৰসভা কাৰ্যালয়ত উপস্থিত হয় ৷ পৌৰসভা কাৰ্যালয় চৌহদতো প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷ পাছত অত্যাধিক কৰ হ্ৰাস কৰাকে ধৰি বিভিন্ন ন’দফীয়া দাবী সম্বলিত এক স্মাৰক পত্ৰ পৌৰসভাৰ অধ্যক্ষা প্ৰতিভা ব্ৰহ্মক প্ৰদান কৰে ৷ ইপিনে  মঞ্চৰ সভাপতি খাম্পা বৰগয়াৰীয়ে কোকৰাঝাৰ পৌৰসভাই অত্যাধিক কৰ বৃদ্ধিৰে চহৰবাসীক জ্বলা-কলা খোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি জনতাৰ বৃহত্তৰ স্বাৰ্থত বৰ্দ্ধিত কৰ হ্ৰাস কৰাৰ দাবী জনাইছে ৷

লগতে পঢ়ক : Land encroachment in Assam: ৰাজ্যৰ ৪০ লাখৰো অধিক বিঘা ভূমি বেদখলৰ কৱলত, বিধানসভাৰ তথ্য

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.