HSLC result 2023: শীৰ্ষ স্থান দখলেৰে ঢেকীয়াজুলিলৈ সুনাম আনিলে হৃদমে; সপ্তম স্থানত জোনাক

By

Published : May 22, 2023, 12:20 PM IST

thumbnail

তেজপুৰ, ২২ মে’ : সমগ্ৰ অসমৰ ভিতৰতে জিলিকিল শোণিতপুৰ জিলাৰ হৃদম ঠাকুৰীয়া (Assam HSLC result 2023) । শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই মুঠ 596 নম্বৰ লাভ কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে । হৃদমৰ পিতৃ নাৰেঙকাটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক সৰ্বানন্দ ঠাকুৰীয়া আৰু মাতৃৰ নাম অনিতা ঠাকুৰীয়া ।

আনহাতে সপ্তম স্থান দখল কৰিছে জিলাখনৰে বৰছলা সমষ্টিৰ দুমডুম উচ্চতৰ মাধ্যমিক বিদ্যাপীঠৰ ছাত্ৰ জোনাক কাশ্যপে (HSLC result 2023) । কাশ্যপে মুঠ 588 নম্বৰ লাভ কৰি সপ্তম স্থান দখল কৰিবলৈ সক্ষম হৈছে । 

উল্লেখ্য যে অসমত এইবাৰ উত্তীৰ্ণৰ হাৰ 72.69 শতাংশ (HSLC result) ৷ ইয়াৰ ভিতৰত ছাত্ৰৰ সংখ্যা অধিক, মুঠ 74.71 শতাংশ ৷ আনহাতে ছাত্ৰীৰ সংখ্যা তুলনামূলকভাৱে কম, মুঠ 70.96 শতাংশ ৷ শোণিতপুৰ জিলাত উত্তীৰ্ণ হাৰ 67.76 ।

লগতে পঢ়ক : HSLC result 2023:হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ দ্বিতীয় স্থানত নগাঁৱৰ ইছৰাত ফাৰিহা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.