HSLC result 2023:পঞ্চম স্থান দখল মহানগৰীৰ কাহিলিপাৰাৰ উপকূল পৰাশৰৰ

By

Published : May 22, 2023, 1:00 PM IST

thumbnail

গুৱাহাটী, ২২ মে’: আজি ঘোষণা কৰা হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । হাইস্কুল শিক্ষান্ত পৰীক্ষাত পঞ্চম স্থান দখলেৰে মহানগৰীৰ কাহিলিপাৰা জাতীয় বিদ্যালয় স্কুলৰ লগতে সমগ্ৰ কাহিলিপাৰা অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিলে উপকূল পৰাশৰে (HSLC result) । উপকূলে ছটা বিষয়ত লেটাৰসহ মুঠ ৫৯০ নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ৯৮.৩৩ শতাংশ লাভ কৰিবলৈ সক্ষম হোৱা মেধাবী ছাত্ৰজনে ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে (Assam HSLC result 2023) ।

অৱসৰ সময়ত উপকূল পৰাশৰে অধ্যয়নৰ লগতে চিত্ৰ অংকন আৰু খেল খেলি ভাল পায় । উপকূলৰ ফলাফলক লৈ স্কুল কৰ্তৃপক্ষৰ লগতে পিতৃ-মাতৃ সমগ্ৰ অঞ্চলবাসী আনন্দিত আৰু উৎফুল্লিত হৈ পৰিছে (Upakul Parashar fifth position in HSLC 2023) । তেওঁৰ এই সফলতাৰ আঁৰত তেওঁৰ পিতৃ-মাতৃ, শিক্ষক-শিক্ষয়ত্ৰীৰ সহযোগিতা থকা বুলি কয় । বাছনি পৰিক্ষাৰ আগত দৈনিক পাঁচ ছয় ঘন্টা পঢ়া উপকুলে পিচলৈ তেৰ চৈধ্য ঘন্টা অধ্যয়ন কৰিছিল বুলি আজি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : HSLC result 2023: শীৰ্ষ স্থান দখলেৰে ঢেকীয়াজুলিলৈ সুনাম আনিলে হৃদমে; সপ্তম স্থানত জোনাক

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.