HSLC result: পৰীক্ষাৰ ফলাফল লাভ কৰিয়েই আত্মহনন ছাত্ৰীৰ

By

Published : May 23, 2023, 7:07 AM IST

thumbnail

গোৱালপাৰা, 23 মে’ : সোমবাৰে ঘোষণা হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । এই ফলাফলেই কাল অমানিশা কঢ়িয়াই আনিলে এটা পৰিয়াললৈ । গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ খলিচাভিটা হিন্দুপাৰা গাঁৱত সংগঠিত হয় এই মৰ্মান্তিক ঘটনা । হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ হোৱা বাবেই এগৰাকী ছাত্ৰীয়ে বাছি ল’লে চৰম সিদ্ধান্ত (Goalprara girl died by suicide) ।

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ফেইল কৰাৰ বাবে এই চৰম সিদ্ধান্ত বাছি লয় ছাত্ৰীগৰাকীয়ে । আত্মহত্যা কৰা ছাত্ৰীগৰাকী খলিচাভিটা হিন্দুপাৰা গাঁৱৰ আদম আলীৰ জীয়ৰী আমিনা খাতুন বুলি জানিব পৰা গৈছে । জানিব পৰা মতে আমিনা খাতুন খলিচাভিটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল । 

সোমবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত অনুত্তীৰ্ণ হোৱাৰ খবৰ লাভ কৰি ছাত্ৰীগৰাকী মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ দৰে চৰম সিদ্ধান্ত বাছি লয় (HSLC result) ৷ উক্ত ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি ব্যপক চাঞ্চল্য বিৰাজ কৰাৰ লগতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে  ।

সোমবাৰে ধূমেৰঘাট আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিপুমনি চৌধুৰী ঘটনাস্থলীত উপস্থিত হৈ ছাত্ৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : HSLC results 2023: সপ্তম স্থানপ্ৰাপ্ত টীয়কৰ সুদৰ্শনাৰ গৃহত ৰূপজ্যোতি কুৰ্মী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.