ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ হৈ জিলিকিল টীয়কৰ শ্ৰেষ্ঠা - Srestha Sudha Mahanta wins beauty pageant

🎬 Watch Now: Feature Video

thumbnail
ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ অৰ্জন (undefined)

By ETV Bharat Assamese Team

Published : November 17, 2023 at 2:03 PM IST

Choose ETV Bharat

টীয়ক,১৭ নৱেম্বৰ: পুনৰ ৰাজ্যিক পৰ্যায়ৰ সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠতম খিতাপ অৰ্জন কৰি টীয়কলৈ গৌৰৱ কঢ়িয়াই আনিছে টীয়কৰ বামুণপুখুৰীৰ জীয়াৰী শ্ৰেষ্ঠা সুধা মহন্তই । সংস্কৃতিৰ বৰ পথাৰ যোৰহাটত সময়ৰ উদ্যোগত সদ্য আয়োজিত Miss Teen Grand Northeast শীৰ্ষক সৌন্দৰ্য প্ৰতিযোগিতাত শ্ৰেষ্ঠ খিতাপ অৰ্জন কৰি ২০২৩ বৰ্ষৰ উত্তৰ-পূৰ্বাঞ্চলৰ সৌন্দৰ্য জগতৰ এই শ্ৰেষ্ঠ সন্মান লাভ কৰিছে ছাত্ৰীগৰাকীয়ে ।  

উল্লেখযোগ্য যে শ্ৰেষ্ঠাই ইতিমধ্য অসমৰ লগতে বহিঃৰাজ্যৰ বিভিন্ন সৌন্দৰ্য প্ৰতিযোগিতাত খিতাপ দখল কৰি বৰ্তমান নিজকে এগৰাকী উদীয়মান মডেল হিচাপে চিনাকী দিবলৈ সক্ষম হৈছে । শ্ৰেষ্ঠাৰ এই সফলতাত সমূহ টীয়কবাসী আনন্দিত হৈ ছাত্ৰীগৰাকীৰ লগতে পিতৃ প্ৰাঞ্জল মহন্ত আৰু মাতৃ নৱনীতা মহন্তক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে । বিশেষকৈ উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্ধ শতাধিক প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত শ্ৰেষ্ঠাই অসমৰ অন্যতম ঐতিহাসিক সংস্কৃতি মুখা শিল্প তথা সত্ৰীয়া সংস্কৃতি প্ৰদৰ্শন কৰি বিশেষ সমাদৰ লাভ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: মুক্তি পালে উদীয়মান গায়িকা অৰুন্ধতী গগৈৰ কণ্ঠৰ প্ৰথমটি গীত

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details