Assam jamugurihat beauty: বনৰীয়া ফুলৰ গোলাপী দলিচাত মন্ত্ৰমুগ্ধ সকলো

By

Published : Mar 8, 2023, 11:04 AM IST

thumbnail

চতিয়া, 8 মাৰ্চ : জামুগুৰিহাটত বনৰীয়া ফুলৰ গোলাপী দলিচাই মন্ত্ৰমুগ্ধ কৰিছে সকলোকে ৷ জামুগুৰিহাটৰ পশ্চিমাঞ্চালত বিস্তীৰ্ণ এলেকাজুৰি এখন পথাৰত সুন্দৰকৈ ফুলি থকা গুলপীয়া বেঙুনীয়া ৰঙৰ বনৰীয়া ফুলৰ দৃষ্টিনন্দন শোভাই এতিয়া মন্ত্ৰমুগ্ধ কৰিছে বাটৰুৱাক (Jamugurihat viral video) ।

পথৰ কাষৰ যেনিয়েই চকু যায় সেইপিনেই কেৱল গুলপীয়া আৰু গুলপীয়া (Jamugurihat video) । বনৰীয়া ফুলৰ এই শোভাই এতিয়া মতলীয়া কৰিছে সকলোকে । চেলফি জ'নলৈ পৰিণত হৈছে জামুগুৰিহাটৰ পথাৰখনি (Jamugurihat video) ।

এই ফুলৰ মাজত একপি ফটো উঠিবলৈ বিভিন্ন প্ৰান্তৰ পৰা সকলো ঢাপলি মেলিছে জামুগুৰিহাটৰ পশ্চিমাঞ্চলৰ বৰাচকুৰ সমীপৰ নিৰ্মিয়মান চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এই পথাৰখনলৈ । প্ৰত্যেক দিনাই পুৱাৰ পৰা বিয়লিলৈকে চেলফি জ'নলৈ পৰিণত হৈছে জামুগুৰিহাটৰ এই বিশেষ অঞ্চলটো ।

লগতে পঢ়ক : Baresahariya Bhaona 2023 : বাৰেচহৰীয়া ভাওনাৰ স্মৃতিগ্ৰন্থ ‘বাৰেচহৰ’ উন্মোচন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.