Chabua Bolero fire incident:চাবুৱা বাইপাছত নিশা দাওদাওকৈ জ্বলিল বলেৰ’ বাহন

By

Published : May 24, 2023, 10:44 AM IST

thumbnail

ডিব্ৰুগড়, 24 মে’ : ডিব্ৰুগড়ৰ চাবুৱা বাইপাছত নিশা দাও দাওকৈ জ্বলিল  বলেৰ’ বাহন । AR-01P - 6236 নম্বৰৰ বাহন খন গৈ থকা অৱস্থাতে ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় । চালকে বানখন ৰখাই দিয়ে যদিও বলেৰ’ বাহনখন সম্পূৰ্ণ কৈ ভস্মীভূত হয় (Chabua Bolero fire incident)।

যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহত হোৱা নাই । অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপিত হয় যদিও বাহনখন সম্পূৰ্ণৰূপে জুইত জ্বলি ছাই হৈ যায় (Fire caught in a running vehicle at Chabua) । উল্লেখযোগ্য যে কেইটামান দিনৰ পূৰ্বে অনুৰূপ ঘটনাই সংঘটিত হৈছিল ডিব্ৰুগড় চহৰৰ ৰাজপথত । ৰখাই থোৱা অৱস্থাত জ্বলি ভস্মীভূত হৈছিল বিলাসী বাহন ।

লগতে পঢ়ক : Smugglers of fake gold: বঙালমৰা আৰক্ষী চকীত নকল সোণ, জালনোটৰ ব্যৱসায়ীৰ ভীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.