NMC recognised Nalbari Medical College: নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ স্বীকৃতি, নলবাৰীত আনন্দৰ বন্যা

By

Published : Mar 16, 2023, 7:36 AM IST

thumbnail

নলবাৰী, ১৫ মাৰ্চ : ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগৰ পৰা স্বীকৃতি লাভ কৰিলে নলবাৰী চিকিৎসা মহাবিদ্যালয়ে (NMC recognised Nalbari Medical College) ৷ চলিত বৰ্ষৰ পৰাই 100 এম বি বি এছ আসনেৰে হ’ব পাঠদান ৷ জিলাখনৰ স্বাস্থ্য় বিভাগত এই উন্নয়ণমূলক খবৰ সংযোজন হোৱাৰ পিছতে নলবাৰীবাসীৰ মাজত বৈছে আনন্দৰ বন্যা ৷

চিকিৎসা মহাবিদ্যালয়খনে স্বীকৃতি লাভৰ খবৰটো বিয়পি পৰাৰ পিছতে ৰাজপথলৈ ওলাই আহিল বহু জনতা ৷ নলবাৰীৰ বিজেপি কৰ্মীসকলৰ নেতৃত্বত ঢোলকে ধৰি আন বাদ্যযন্ত্ৰ বজাই উলিওৱা হ’ল শোভাযাত্ৰাৰ ৷ সকলোৱে উলহ-মালহেৰে উদযাপন কৰিলে আৱতৰীয়া দিপাৱলী (Festival of joy in Nalbari) ৷

উল্লেখযোগ্য যে প্ৰায় 132 বিঘা ভূমিত নিৰ্মাণ কৰা হৈছিল এই চিকিৎসা মহাবিদ্যালয়খন । নলবাৰী চিকৎসা মহাবিদ্যালয়ে স্বীকৃতি পোৱাৰ পিছতে ৰাজ্যত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বাৰখনলৈ বৃদ্ধি পালে (NMC approves Nalbari Medical College and Hospital) ৷

লগতে পঢ়ক : Good news for Nalbari Medical College: নলবাৰী চিকিৎসা মহাবিদ্যালয়লৈ অনুমোদন এনএমচিৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.