UPSC 2023 exam result: নামৰূপৰ মানসে লাভ কৰিলে UPSC ৰ ৮৮১ ৰেংক
Published: May 24, 2023, 10:31 PM

মৰাণ, ২৪ মে’: নামৰূপৰ মানসজ্যোতি দাসে গৌৰৱ কঢ়িয়াই আনিলে ৰাজ্যলৈ (881 ranked in UPSC)। নামৰূপৰ হাপজানৰ মুকুন্দ দাস আৰু ৰীতা দাসৰ পুত্ৰ মানসজ্যোতি দাসে কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত ৮৮১ ৰেংকিঙত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে । তেওঁ যোৱা বাৰ অসম লোক সেৱা আয়োগৰ পৰীক্ষাত ৬৭ সংখ্যক স্থান লাভ কৰিবলৈ সক্ষম হৈছিল । তেওঁ বৰ্তমান লখিমপুৰ জিলাত সহকাৰী আয়ুক্ত হিচাপে কৰ্মৰত ।
কেন্দ্ৰীয় লোকসেৱা আয়োগেত ৮৮১ স্থানত উত্তীৰ্ণ নামৰূপ হাপজানৰ মানসজ্যোতি দাসৰ পিতৃ মুকুন্দ দাসে পুত্ৰৰ সফলতাৰ পাছতেই কয় যে, পুত্ৰৰ এই সাফল্য়ত আনন্দিত হৈছে । উল্লেখ্য় যে ভাৰতীয় প্ৰশাসনিক সেৱা (Indian Administrative Service), ভাৰতীয় বৈদেশিক সেৱা (Indian Foreign Service, IFS) আৰু ভাৰতীয় আৰক্ষী সেৱা (Indian Police Service, IPS) আৰু কেন্দ্ৰীয় সেৱাৰ গ্ৰুপ 'এ' আৰু গ্ৰুপ 'বি'ৰ বিষয়া বাছনি কৰিবলৈ ইউপিএছচিয়ে চাৰিটা পৰ্যায়ত বাৰ্ষিক পৰীক্ষা অনুষ্ঠিত কৰি আহিছে ।
লগতে পঢ়ক:History of Assam tea: আজিও অৱহেলিত অসমৰ চাহৰ উদ্ভাৱক চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুচৰ সমাধি