মৰিয়নিত বন্যহস্তীৰ তাণ্ডৱত অসহায় ৰাইজ - গিৱন বন্যপ্ৰাণী অভয়াৰণ্য

🎬 Watch Now: Feature Video

thumbnail
গিৱন বন্যপ্ৰাণী অভয়াৰণ্য (undefined)

By ETV Bharat Assamese Team

Published : November 17, 2023 at 5:21 PM IST

Choose ETV Bharat

যোৰহাট, ১৭ নৱেম্বৰ:মৰিয়নিত নাহৰফুটুকীৰ সন্ত্ৰাস মাজতে বনহস্তীৰ তাণ্ডৱে আতংকিত কৰিছে সৰ্বসাধাৰণ ৰাইজক । বৃহস্পতিবাৰে নিশা মৰিয়নি আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত চৈকতা চাহ বাগিচাৰ লগতে কাষৰীয়া অঞ্চলত বন্যহস্তীৰ এটা বৃহৎ জাক প্ৰৱেশ কৰি বাগিচাখনৰ নতুন লাইনৰ কেইবাটাও বাসগৃহ ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে বাৰীৰ গছ-গছনি ভাঙি তহিলং কৰে ।  

উল্লেখ যে হোলোঙাপাৰ গিৱন বন্যপ্ৰাণী অভয়াৰণ্যৰ পৰা নিতৌ নিশা খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি তাণ্ডৱ সৃষ্টি কৰি আহিছে বন্যহস্তীৰ জাকটোৱে । কিন্তু বন্যহস্তীৰ জাকটোক আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই বন বিভগে । মন কৰিবলগীয়া যে গিৱন অভয়াৰণ্য পৰা ওলাই অহা ৬০ৰ পৰা ৮০টা বনহস্তী থকা জাকটোৱে মৰিয়নিৰ বিভিন্ন প্ৰান্তত বিগত কিছুদিন ধৰি সন্ত্ৰাস অব্যাহত ৰাখি এক প্ৰকাৰ ৰাইজক দুৰ্ভোগ ভোগাই অহাৰ লগতে উজাগৰী নিশা কটাবলৈ বাধ্য কৰাই আহিছে । কিন্তু বিয়াগোম বন বিভাগ হাতত থকা পুৰণিকলীয়া অস্ত্ৰ-শস্ত্ৰ আৰু সা-সৰঞ্জামে এই বন্যহস্তী জাকটো নিয়ন্ত্ৰণ কৰাটো অসম্ভৱ হৈছে ।

লগতে পঢ়ক :বুজন পৰিমাণৰ ড্ৰাগছসহ আটক এজন সৰবৰাহকাৰী