Poor Electricity Connection: টিংখাঙৰ তিনঠেঙীয়াত বাঁহ-তামোলৰ খুঁটাত ওলমিছে বৈদ্যুতিক তাঁৰ

By

Published : May 25, 2023, 9:55 PM IST

thumbnail

মৰাণ, 25মে’: টিংখাঙত সাধাৰণ ৰাইজৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ ৰাজ্যৰ শক্তি বিভাগৰ বিৰুদ্ধে ৷ টিংখাঙৰ তিনঠেঙীয়াত বাঁহ,কাঠ, তামোলৰ খুঁটাৰে সংযোগ কৰা হৈছে বিদ্যুৎ পৰিবাহী তাঁৰ ৷ ফলত যিকোনো মুহুৰ্ততে ভয়ংকৰ বিপদ সংঘটিত হোৱাৰ আশংকা কৰিছে স্থানীয় ৰাইজে (Electricity wires installed on rotten bamboo poles) ৷  

টিংখাঙৰ ধমন গাঁও পঞ্চায়তৰ অন্তৰ্গত তিনঠেঙীয়াত এনেদৰেই শক্তি বিভাগে চৰম গাফিলতিৰে দায়িত্ব পালন কৰা দেখা গৈছে ৷ গাঁওখনৰ প্ৰায় 40 টা পৰিয়ালৰ গৃহলৈ বাঁহৰ খুঁটাৰ মাধ্যমেৰে অতি বিপজ্জনকভাৱে বিদ্যুৎ যোগান ধৰিছে বিদ্যুৎ বিভাগে ৷ ফলত যিকোনো মুহূৰ্ততে বিপদৰ আশংকাত ভুগিব লগা হৈছে গাঁৱখনৰ ৰাইজ (Poor Electricity Connection) ৷  

ইফালে বাৰম্বাৰ টিংখাং বৈদ্যুতিক উপ- সংমণ্ডলৰ কাৰ্যালয়ত বিদ্যুৎ পৰিবাহী পকী খুঁটাৰ বাবে আবেদন-নিবেদন কৰাৰ পিচতো কোনো সুফল লাভ কৰা নাই বুলি অভিযোগ কৰিছে গাঁওবাসীয়ে ৷ এই স্থানত অতি শীঘ্ৰে বাঁহৰ খুঁটাৰ সলনি বৈদ্যুতিক পকী খুঁটা স্থাপন কৰিবৰ বাবে বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি আহ্বান জনাইছে বিদ্যুৎ উপভোক্তাসকলে (Power department's death trap at Tingkhong) ৷

লগতে পঢ়ক: Water pipe explosion: খাৰঘুলিত গেমনৰ পানীযোগান প্ৰকল্পৰ পাইপ ফুটি জলবিস্ফোৰণ; মহিলাৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.