Drugs seized at Rangia: ৰঙিয়াত ড্ৰাগছসহ আসক্ত কিশোৰক হাতে-লোটে কৰায়ত্ত

By

Published : May 25, 2023, 4:06 PM IST

Updated : May 25, 2023, 4:14 PM IST

thumbnail

ৰঙিয়া, 25 মে’: বৃহস্পতিবাৰে ৰঙিয়াৰ উদিয়ানাত এটা ড্ৰাগছ আসক্ত কিশোৰক ৰাইজে হাতে-লোটে কৰায়ত্ত কৰে (Drugs seized at Rangia)। ৰঙিয়া ষ্টেশ্যনৰ চৰিয়দপুৰৰ কিশোৰটোৰ পকেটৰ পৰা ৰাইজে এটা ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি উদিয়ানাৰ ৰাজপথেৰে গৈ থকা অৱস্থাত স্থানীয় কেইজনমান লোকে সন্দেহৱশতঃ কিশোৰটোক মাত লগাই (Minor detained at Rangia)। 

কিন্তু কিশোৰটোৱে স্থানীয় লোক কেইজনৰ লগত কথা নাপাতি পলাবলৈ চেষ্টা কৰে । অতৰ্কিতে হোৱা ঘটনাটোত অঞ্চলটোত হৈ চৈ লাগে আৰু স্থানীয় কেইজনমান লোকে কিশোৰটোক কৰায়ত্ত কৰে । ৰাইজৰ জেৰাত কিশোৰটোৱে উদিয়ানাৰ এজন লোকৰ পৰা ড্ৰাগছ ক্ৰয় কৰাৰ কথা স্বীকাৰ কৰে । পিচত স্থানীয় ৰাইজে কিশোৰটোক আৰক্ষীৰ হাতত গতাই দিয়ে ।

লগতে পঢ়ক: Fake Gold Smuggler Detained : বিহালী আৰক্ষীৰ জালত নকল সোণ ব্যৱসায়ী

Last Updated : May 25, 2023, 4:14 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.