Heliport at Majuli: উদ্বোধনৰ দুবছৰতে বিধ্বস্ত ৫০ লাখটকীয়া হেলিপ'ৰ্ট
Published: Mar 18, 2023, 10:23 PM

মাজুলী, ১৮ মাৰ্চ: উদ্বোধনৰ দুবছৰতে মাজুলীত স্থাপন হোৱা ৫০ লাখটকীয়া অসমৰ প্ৰথমটো হেলিপ'ৰ্টত এতিয়া জোতা পিন্ধিও যাব নোৱাৰা অৱস্থা (Heliport at Majuli)। মাজুলীক বহিঃ জগতৰ লগত কম সময়ৰ ভিতৰত যোগাযোগৰ কাৰণে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে তেওঁৰ কাৰ্যকালত মাজুলী জিলা সদৰ গড়মূৰৰ পৰা কিছু দূৰত অৱস্থিত বৰবাৰীত উদ্বোধন কৰিছিল অসমৰ প্ৰথমটো হেলিপ'ৰ্ট। ইয়াৰ সমান্তৰালভাৱে উদ্বোধন কৰিছিল হেলিপ'ৰ্টৰ অতিথি গৃহ । কিন্তু দুৰ্ভাগ্যজনক কথা এয়ে যে উদ্বোধনৰ দুবছৰৰ পাছতে মাজুলীত স্থাপন হোৱা এই হেলিপ'ৰ্টলৈ যাব নোৱাৰা অৱস্থা হৈছে ।
পাইলট, ভিভিআইপিৰ বাবে থকা হেলিপ'ৰ্টৰ অত্যাধুনিক অতিথিশালা দুৰ্বৃত্তই ভাঙি চূৰমাৰ কৰিছে (Dilapidated Heliport in Majuli)। চুৰি হৈছে অতিথিশালাৰ আচবাব, ইলেকট্ৰনিক সামগ্ৰী আদি । এতিয়া মদ, ভাং তথা অসামাজিক কামৰ ঘাটিত পৰিণত হৈছে হেলিপ'ৰ্টটো । ঘোৰ নিদ্ৰাৰত অৱস্থাত মাজুলী জিলা প্ৰশাসন । ইয়াকে লৈ মাজুলীৰ সচেতন মহলৰ মাজত সৃষ্টি হৈছে তীব্র প্ৰতিক্ৰিয়াৰ ।