HSLC question paper leaked: নতুন শিক্ষানীতি অহাৰ পাচত ছেবাৰ প্ৰাসংগিকতা নাথাকিব: শান্তিকাম হাজৰিকা

By

Published : Mar 13, 2023, 8:32 PM IST

thumbnail

গুৱাহাটী, 13 মাৰ্চ: SEBA বৰ্তমান অপ্ৰাসংগিক ৷ নতুন শিক্ষানীতি অহাৰ পাচত ছেবাৰ প্ৰাসংগিকতা নাথাকিব ৷ হাইস্কুল শিক্ষান্ত পৰীক্ষা প্ৰশ্নকাকত ফাদিলক কেন্দ্ৰ কৰি এই মন্তব্য ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকাৰ ৷ ছেবাৰ প্ৰাসংগিকতা বহু আগতে নাইকীয়া হৈছে বুলিও মন্তব্য শান্তিকাম হাজৰিকাৰ (HSLC question paper leaked) ৷  

লগতে তেওঁ কয়, ‘‘ ভুল কৰিছে কোনোবাই আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী ৷ ছেবাই পৰীক্ষা বাতিল কৰিব নালাগিছিল ৷ কোনো তদন্ত নোহোৱাকৈ সিদ্ধান্ত লোৱাটো ভুল ৷ পূৰ্বতে টকা লৈ নম্বৰ প্ৰদান কৰাৰ অভিযোগ আছিল ছেবাৰ বিৰুদ্ধে (Shantikam Hazarika) ৷’’

ইয়াৰ লগতে তেওঁ কয়, ‘‘ ক্ৰুটিপূৰ্ণ প্ৰক্ৰিয়াৰে পৰীক্ষা পতাত এনে হোৱাটো আচৰিত কথা নহয় ৷ পৰীক্ষা পতাৰ ব্যৱস্থা উন্নত কৰিব পৰা নাই ৷ এয়া ব্যৱস্থাটোৰ দোষ ৷ এই ব্যৱস্থাত এইবোৰ হৈ থাকিব ৷ ইয়াক মই কেলেংকাৰী বুলি নাভাবো ৷’’(HSLC Science exam paper leaked)

উল্লেখ্য যে, হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সোমবাৰে অনুষ্ঠিত হ’বলগীয়া সাধাৰণ বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ প্ৰশ্নকাতত ফাদিল হোৱাৰ পাচতে বাতিল কৰা হয় পৰীক্ষা ৷ ইয়াকে কেন্দ্ৰ কৰি ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া (Assam SEBA controversy) ৷

লগতে পঢ়ক: HSLC question paper leaked: ৰাজ্যত প্ৰশ্নকাকতৰ বজাৰ; এখন প্ৰশ্নকাকতৰ দাম 15-20 হাজাৰ টকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.