হোজাইত ষঠ পূজা
Published: Nov 19, 2023, 7:41 PM
হোজাই, ১৯ নৱেম্বৰ: হিন্দু ধৰ্মৰ মতে ষঠ পূজা মূলতঃ সূৰ্য দেৱতাৰ পূজা । সমগ্ৰ দেশৰ সমান্তৰালভাৱে আজি হোজাই জিলাটো ষঠ পূজাৰ পালন কৰা হৈছে । আজি ষঠ পূজাৰ দ্বিতীয় দিন । এই দিনটোতে ষঠ ব্ৰতীৰ মহিলাসকলে লংকা লংকেশ্বৰী ছটঘাটত সূৰ্যাস্তৰ সময়ত ডুব যোৱা সূৰ্যৰ ওচৰত কুঁহিয়াৰ গছ, বিভিন্ন সুস্বাদু খাদ্য লৈ সূৰ্য দেৱক পূজাৰ প্ৰসাদ আগবঢ়ায় । লংকা সাৰ্বজনীন ষঠ পূজা সমিতিয়ে আগভাগ লৈছে ।
লংকা লংকেশ্বৰী ছটঘাটত লংকা চহৰৰ বিহাৰী সাম্প্ৰদায়ৰ সকলো লোকে আহি অংশগ্ৰহণ কৰি পূজা অৰ্চনা আগবঢ়ায় । সেইবাবে লংকা সাৰ্বজনীন ষঠ পূজা সমিতিয়ে সকলো ধৰ্মাৱলম্বী লোককে ষঠঘাটত উপস্থিত থাকি পূজাভাগ উপভোগ কৰিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য় যে বিহাৰী সম্প্ৰদায়ৰ লোকসকলৰ পৱিত্ৰ উৎসৱ হৈছে ষঠ পূজা । ষঠ পূজা উপলক্ষে সম্পূৰ্ণ বৈদিক নীতি-নিয়ম অনুযায়ী দেওবাৰে আবেলি অস্ত যোৱাৰ সময়ত সূৰ্য দেৱতাক স্মৰণ কৰে । সোমবাৰে পুৱা সূৰ্য উদয় হোৱাৰ সময়ত ব্ৰহ্মপুত্ৰৰ পাৰত সূৰ্য দেৱতাক পূজা আৰু স্মৰণ কৰিব ।