APDCL negligence caused accident: APDCLৰ কাণ্ডজ্ঞানহীনতা ; বিদ্যুৎস্পৃষ্ট কৰ্মচাৰী

By

Published : May 26, 2023, 3:43 PM IST

thumbnail

বৰপেটা, ২৬ মে’ : বৰপেটাৰ  APDCL ৰ কৰ্মচাৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবেই এগৰাকী অস্থায়ী কৰ্মচাৰী দুৰ্ঘটনাগ্ৰস্ত হ'বলগীয়া হ’ল (Barpeta APDCL)  । হাই ভল্টেজ ট্ৰেন্সফৰ্মাৰ মেৰামতি কৰিবলৈ গৈ বিদ্যুৎস্পৃষ্ট হৈ এতিয়া মৃত্যুৰে যুঁজিছে অস্থায়ী কৰ্মচাৰীজনে । দুৰ্ভগীয়া অস্থায়ী কৰ্মচাৰীজন বৰপেটাৰ শান্তিনগৰ নিৱাসী কুলদ্বীপ দাস ।

কুলদ্বীপৰ মুখমণ্ডলৰ পৰা দেহৰ সোঁ অংশ বিদ্যুৎস্পৃষ্ট হৈ অগ্নিদগ্ধ হৈ পৰিছে । ভাঙিছে সোঁওহাতৰ লগতে কামিহাড়ো । সম্প্ৰতি সংকটজনক অৱস্থাত বৰপেটা চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাত আছে কুলদ্বীপ (Barpeta APDCL negligence caused accident to a temporary employee) ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে APDCL বৰপেটা বৈদ্যুতিক চক্ৰই এগৰাকী অস্থায়ী কৰ্মচাৰকীক হাই ভ'ল্টেজৰ লাইন মেৰামতি কৰিবলৈ দিলে কেনেকৈ ? কুলদ্বীপক কোনে নিৰ্দেশ দিছিল ট্ৰেন্সফৰ্মাৰটোৰ মেৰামতি কৰিবলৈ ? কাৰ দায়িত্বহীনতাৰ বাবে বিদ্যুৎস্পৃষ্ট হ'বলৈ পালে কুলদ্বীপ ? আচৰিত কথা যে সমগ্ৰ ঘটনা সম্পৰ্কত এতিয়ালৈকে কোনো তদন্তৰ ব্যৱস্থা কৰা নাই সংশ্লিষ্ট কৰ্তৃপক্ষই ।

লগতে পঢ়ক : Morigaon youth missing in AP: অন্ধ্ৰপ্ৰদেশৰ মাটিত ভৰি থৈয়েই নিৰুদ্দেশ অসমৰ যুৱক !

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.