Banned Thailand mackerel: প্ৰশাসনে পুতিলে মৰিয়নিত জব্দকৃত নিষিদ্ধ থাইলেণ্ড মাগুৰ - Banned Thailand mackerel

🎬 Watch Now: Feature Video

thumbnail
অসমত বৰবিহ স্বৰূপ থাইলেণ্ড মাগুৰৰ বেহা (undefined)

By

Published : February 22, 2023 at 10:23 AM IST

Choose ETV Bharat

যোৰহাট, ২২ ফেব্ৰুৱাৰী: সমগ্ৰ দেশৰ লগতে অসমতো চৰকাৰে নিষিদ্ধ কৰা বৰবিহ স্বৰূপ থাইলেণ্ড মাগুৰৰ বেহা অব্য়াহত আছে । ৰাজ্য়খনৰ বিভিন্ন ঠাইত অসাধু চক্ৰই এই বেহা চলাই আহিছে । জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আনিব পৰা এইবিধ মাগুৰৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে মীন বিভাগৰ লগতে আৰক্ষীয়ে অভিযান চলাই আছে । ইয়াৰ মাজতেই মৰিয়নিত মীন বিভাগৰ লগতে মৰিয়নি থানাৰ আৰক্ষীয়ে ১৯ ফেব্ৰুৱাৰীৰ নিশা জব্দ কৰে বহু পৰিমানৰ নিষিদ্ধ থাইলেণ্ড মাগুৰ (Smuggling Thailand Magur seized in Mariani)।

মৰিয়নিত জব্দ কৰা এই নিষিদ্ধ থাইলেণ্ড মাগুৰখিনি মীন আইন অনুসৰি মঙলবাৰে নষ্ট কৰি পুতি পেলোৱা হয় (Administration bury banned Thailand mackerel) । ১৯ ফেব্ৰুৱাৰীৰ নিশাৰ ভাগত মৰিয়নি আৰক্ষীয়ে জব্দ কৰা মাছখিনি মীন বিভাগ, তিতাবৰ মহকুমা দণ্ডাধীশ আৰু মৰিয়নি আৰক্ষীৰ উপস্থিতিত ভোগদৈ নদীৰ পাৰত গাত খান্দি পুতি থোৱা হয় । মীন বিভাগৰ বিষয়াই এই সন্দৰ্ভত উল্লেখ কৰা অনুসৰি, ২০০৫ চনৰ পৰাই সমগ্ৰ দেশতে থাইলেণ্ড মাগুৰ বিক্ৰী নিষিদ্ধ কৰা হৈছিল । এই মাগুৰবিধক বিভিন্ন ৰোগৰ মূল কাৰণ আৰু উৎস হিচাপে চিহ্নিত কৰা হৈছে । এইবিধ মাছে জৈৱ বৈচিত্ৰৰ প্ৰতি ভাবুকি আনি পৰিৱেশত বাৰুকৈয়ে প্ৰভাৱ পেলায় বুলি কয় মীন বিষয়াগৰাকীয়ে । থাইলেণ্ড মাগুৰে অন্যান্য প্ৰজাতিৰ মাছবোৰৰ প্ৰজন্মৰ বিস্তাৰতো ক্ষতি কৰে বুলিও তেওঁ কয় ।

২০০৫ চনৰ পৰা নিষিদ্ধ হৈ থকা থাইলেণ্ড মাগুৰ কাৰ আশীৰ্বাদত মুক্তভাৱে মৰিয়নিৰ বজাৰত উপলব্ধ তথা বহিঃৰাজ্যত বিক্ৰী হৈ আহিছে সেয়া এক ৰহস্যজনক বিষয় হৈ পৰিছে । ইপিনে, কোনো ক্ষমতাশীল লোকৰ আশীৰ্বাদ নাথাকিলে মানৱজাতি বাবে বৰবিহ স্বৰূপ থাইলেণ্ড মাগুৰ অসম তথা বহিঃৰাজ্যত বিক্ৰী আৰু প্ৰচলন কৰিব নোৱাৰে বুলি একাংশ লোকে মন্তব্য় কৰিছে । ইপিনে, মৰিয়নিত থাইলেণ্ড মাগুৰ ব্যৱসায়ৰ লগত মিন্টু তালুকদাৰ আৰু প্ৰাণ কৃষ্ণ ৰয় নামৰ দুজন মৎস্য ব্যৱসায়ী জড়িত আছে বুলি অভিযোগ উথাপিত হৈছে । এই নিষিদ্ধ থাইলেণ্ড মাগুৰ ব্যৱসায়ৰ লগত জড়িতসকলক কঠোৰৰ পৰা কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আহ্বান জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক:GHC Show Cause Notice : হোমিঅ'পেথিক কলেজ বন্ধৰ সিদ্ধান্ত; ৰাজ্য চৰকাৰলৈ কাৰণ দৰ্শোৱাৰ জাননী উচ্চ ন্যায়ালয়ৰ