Protest in Biawanath: বিশ্বনাথত আৰক্ষীৰে আছুকৰ্মীৰ হতাহতি
Published: Mar 14, 2023, 8:38 PM

বিশ্বনাথ, ১৪ মাৰ্চ: হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাক লৈ ৰাজ্য়জুৰি প্ৰতিবাদ অব্য়াহত (HSLC Science paper leak)। ইয়াৰ মাজতেই মঙলবাৰে ৰাজ্য়ৰ ভিন্ন প্ৰান্তত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ জনালে অসম জাতীযতাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু আছুৱে (AJYCP protest at Biswanath)। বিশ্বনাথ নগৰৰ মাজ-মজিয়াতো এই ছাত্ৰ সংগঠন দুটাই গ্ৰহণ কৰিলে প্ৰতিবাদী কাৰ্যসূচী (AASU protest at Biswanath)।
বিশ্বনাথ নগৰৰ মাজ-মজিয়াত আছুৰ জিলা সমিতিয়ে প্ৰতিবাদ কৰিবলৈ অহাৰ সময়তেই আছুকৰ্মী আৰু আৰক্ষীৰ মাজত হতাহতি হয় ৷ প্ৰতিবাদকাৰীয়ে আৰক্ষীৰ বাধা নেওচি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ লগতে পৰীক্ষা নিয়ন্ত্ৰক নয়নজ্যোতি শৰ্মা আৰু ছেবাৰ অধ্যক্ষ ৰমেশ জৈনৰ পুত্তলিকা দাহ কৰিবলৈ চেষ্টা কৰোতেই দুয়োপক্ষৰ মাজত এনে অবাঞ্চিত পৰিস্থিতিৰ সৃষ্টি হয় ।
ইফালে, বিশ্বনাথ নগৰৰ মাজ মজিয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা আৰু আঞ্চলিক শাখাৰ সহযোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । প্ৰতিবাদকাৰীসকলে শিক্ষা মন্ত্ৰী আৰু ছেবাৰ অধ্যক্ষ ৰমেশৰ পুত্তলিকা দাহ কৰাৰ লগতে অতি শীঘ্ৰে শিক্ষা মন্ত্ৰীক পদত্যাগ আৰু ৰমেশ জৈনক অপসাৰণ কৰিবলৈ চৰকাৰক দাবী জনায় ।
লগতে পঢ়ক:AASU protest in Dhemaji: ধেমাজিত আছুৱে দাহ কৰিলে শিক্ষামন্ত্ৰীৰ পুত্তলিকা