Drugs seized at Naharkatia : নাহৰকটীয়াত নিষিদ্ধ ড্ৰাগছসহ আটক এটা সৰবৰাহকাৰী

By

Published : May 28, 2023, 9:32 PM IST

thumbnail

নাহৰকটীয়া, ২৮ মে’ : মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশৰ পাচতো অসম আৰক্ষীয়ে নাকী লগাবলৈ সক্ষম হোৱা নাই ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহকাৰীক ৷ বিভিন্ন সময়ত অসম আৰক্ষীয়ে বহু অপৰাধীক কাৰায়ত্ত কৰাৰ লগতে জব্দ কৰিবলৈ সক্ষম হৈছে বহু পৰিমাণৰ নিচাজাতীয় সামগ্ৰীও ৷ বিগত দিনৰ দৰে দেওবাৰে গোপন সূত্ৰৰ খবৰৰ আলমত নাহৰকটীয়া আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল চেতিয়াৰ নেতৃত্বত এটা দলে চলায় এক অভিযান ৷

এই অভিযানৰ সময়তে আৰক্ষীৰ দলটোৱে নাহৰকটীয়া কালি মন্দিৰৰ সমীপৰ পৰা এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drugs paddler detain at Naharkatia) । আৰক্ষীৰ পৰা লাভ কৰা তথ্য অনুসৰি, ড্ৰাগছ সৰবৰাহকাৰীটো নাহৰকটীয়া চাহ বাগিচাৰ চিগনেল লাইনৰ নিবাসী ভাস্কৰ তাঁতিৰ পুত্ৰ বিভাস সিং (২১) বুলি জানিব পৰা গৈছে । অভিযান কালত আৰক্ষীয়ে বিভাস সিঙৰ জিম্মাৰ পৰা এটা হেৰ’ইন ভৰ্তি টেমা, এটা ম’বাইল ফোন আৰু বহু আপত্তিজনক সা-সামগ্ৰী জব্দ কৰে (Drugs seized at Naharkatia)।

আৰক্ষী উল্লেখ কৰা অনুসৰি, ধৃত বিভাস সিং দীৰ্ঘদিন ধৰি ড্ৰাগছ সৰবৰাহৰ লগত জড়িত আছিল । আৰক্ষীয়ে ইতিমধ্যে এন ডি পি এচ আইনৰ অধীনত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : IPS Anand Mishra : লখিমপুৰত IPS আনন্দ মিশ্রৰ এসপ্তাহ; বিনা ৰক্তপাতে গ্ৰেপ্তাৰ অৰ্ধশতাধিক অপৰাধী

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.