Fake gold seized: তেজপুৰত নকল সোণসহ 4 সৰবৰাহকাৰীক আটক

By

Published : May 22, 2023, 10:55 PM IST

thumbnail

তেজপুৰ, ২২ মে':  ৰাজ্যজুৰি নকল সোণৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান অব্যাহত ৰাখিছে ৷ ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধানৰ তৎপৰতাৰ পিচতেই জিলাই জিলাই অভিযান চলাই থকা সময়তে অধিক তৎপৰ হৈছে শোণিতপুৰ আৰক্ষী (4 smugglers detained) ৷ সোমবাৰে সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি তেজপুৰ শালনিবাৰী আৰক্ষীয়ে চাৰিটা নকল সোণৰ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Fake gold seized in Tezpur) ৷ 

ধৃত সৰবৰাহকাৰী কেইটাৰ নাম মঃ আচাৰ আলী, মঃ চহিদুল ইছলাম, মঃ নুৰুল হক আৰু মঃ আফাজুদ্দিন ৷ ধৃত সৰবৰাহকাৰী কেইটাৰ পৰা শালনিবাৰী আৰক্ষীয়ে ৫ টুকুৰা নকল সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয় (smugglers detained along with Fake gold) ৷ এই নকল সোণখিনি তেজপুৰৰ গৰৈমাৰীত বিক্ৰী কৰিবলৈ অনা মুহূৰ্ততে আৰক্ষীয়ে চাৰি সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ 

আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাৰ পৰা AS12 E/1626 নম্বৰৰ এখন ই ৰিক্সা এখন জব্দ কৰে ৷ নকল সোণখিনিৰ ওজন প্ৰায় 1 কিলোগ্ৰাম হ’ব বুলি  আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়ে ৷  

লগতে পঢ়ক: Jorhat teachers protest: যোৰহাটৰ শিক্ষকে চৰকাৰক ঘূৰালে 121 টা টেবলেট

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.