144 imposed in Jonai: জোনাইৰ মুনমুনি মাজিআলি চাপৰিত পুৱাৰে পৰা সষ্টম আৰক্ষী

By

Published : May 23, 2023, 12:07 PM IST

thumbnail

জোনাই, 23 মে’: গো-পালকৰ প্ৰতিবাদ ৰোধিবলৈ জোনাইত জাৰি কৰা হৈছে 144 ধাৰা ৷ পুৱাৰে পৰা মুনমুনি মাজিআলি চাপৰিত সষ্টম হৈ আছে আৰক্ষী ৷ উল্লেখ্য যে জোনাইৰ মুনমুনি মাজিআলি চাপৰিৰ গো-পালক আৰু কৃষকসকলৰ মাজত ভূমি বিবাদক লৈ বিভিন্ন সময়ত সৃষ্টি হৈ আহিছে সংঘাত (Cowherd protest in Jonai) ৷ সোমবাৰে গৰু চৰোৱা পথাৰৰ সুৰক্ষা দাবী কৰি গো-পালকসকলে হাজাৰ হাজাৰ গৰু ম’হ লৈ সমদল কৰে জোনাইৰ মহকুমাধিপতি কাৰ্যালয়লৈ (Cowherd protest continued in Jonai) ৷

ইয়াৰ পাচতেই জোনাইত মহকুমাত শান্তি-শৃংখলা ভংগ কৰাৰ আশংকাত সোমবাৰে মহকুমাধিপতিৰ কাৰ্যালয়ে জাৰি কৰে 144 ধাৰা ৷ যাৰ বাবে আজি পুৱাৰে পৰা অঞ্চলটোত সষ্টম হৈ আছে আৰক্ষী ৷ ইফালে সহস্ৰাধিৰ গৰু-ম’হ খেদি আজিও গো-পালকসকলে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ 

লগতে পঢ়ক: Curfew imposed in Jonai: গো-পালকৰ প্ৰতিবাদ ৰোধিবলৈ জোনাইত ১৪৪ ধাৰা জাৰি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.