টেলিভিছনৰ টকশ্ব’ত এগৰাকী মহিলাই চৰিয়ালে পাকিস্তানী সাংসদক

By

Published : Jun 10, 2021, 7:20 PM IST

Updated : Jun 10, 2021, 8:24 PM IST

thumbnail

নিউজ চেনেলবোৰৰ বিভিন্ন টকশ্ব’ত পেনেলিষ্টসকলৰ মাজত ব্যাপক তৰ্ক-বিৰ্তক আৰু এক অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সাধাৰণতে কিছু লোকে এনে অনুষ্ঠানবোৰক তীব্ৰ সমালোচনা কৰা দেখা যায় ৷ তাৰমাজতে এইবাৰ পাকিস্তানৰ নিউজ চেনেল এটাত দেখা গ’ল এক বিপৰীত দৃশ্য ৷ পাকিস্তানৰ এটা টিভি চেনেলত এগৰাকী মহিলাই অনুষ্ঠানটোত থকা পেনেলিষ্টে এজন পুৰুষক চৰৰ মাৰে । তাৰ পাচতে এই দৃশ্য চছিয়েল মিডিয়াত ভাইৰেল হৈ পৰে ৷ উল্লেখযোগ্য যে, ঘটনাটো জাভেদ চৌধুৰীৰ পাকিস্তানী টিভি চেনেল এক্সপ্ৰেছ টিভিৰ অনুষ্ঠানৰ ৰেকৰ্ডিঙৰ সময়ত সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে । অনুষ্ঠানটোৰ সময়ত এক তৰ্কত ইমৰান খানৰ দলৰ নেত্ৰী ড৹ ফিৰদৌছ আশিক আৱানে (ড৹ ফিৰদৌছ আশিক আৱান) বিৰোধী এম এন এ নেতা এম পি কাদিৰ খান মান্দোখেলক (কাদিৰ খান মাণ্ডোখেইল) চৰ মাৰিছিল । পাকিস্তানী সাংবাদিক মুৰ্তাজা আলী শ্বাহে টুইটাৰত প’ষ্ট কৰা এই ভাইৰেল ভিডিঅ'টোত দেখা গৈছে যে, দুয়োগৰাকীয়ে এটা বিষয়ক লৈ তীব্ৰ তৰ্ক কৰি থকাৰ মাজতে ফিৰদৌছে কাদিৰক চৰ মাৰে । সম্প্ৰতি ঘটনাটো সংঘটিত হোৱাৰ পাচতে ফিৰদৌছে কাদিৰৰ বিৰুদ্ধে তেওঁৰ আৰু তেওঁৰ ৱালিদৰ বিৰুদ্ধে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে ।

Last Updated : Jun 10, 2021, 8:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.