পূৰ্ণগতিত চলিছে লোকেল কুংফু 3 ৰ দৃশ্যগ্ৰহণ - লোকেল কুংফু 2

🎬 Watch Now: Feature Video

thumbnail
লোকেল কুংফু 3 ৰ দৃশ্যগ্ৰহণ (undefined)

By ETV Bharat Assamese Team

Published : December 25, 2023 at 4:49 PM IST

Choose ETV Bharat

গুৱাহাটী, ২৫ ডিচেম্বৰ: অসমীয়া চলচ্চিত্ৰসমূহৰ ভিতৰত দৰ্শকৰ মাজত এক ব্যতিক্ৰমী ধাৰা আনিবলৈ সক্ষম হৈছিল ‘লোকেল কুংফু’ ছবিখনে ৷ এই ছবিখনে ৰাইজৰ পৰা লাভ কৰিছিল যথেষ্ট সঁহাৰি ৷ সেয়েহে, এই ছবিখনৰ জনপ্ৰিয়তাক দেখি পৰিচালকে ছবিখনৰ দ্বিতীয় পাৰ্ট আনিবলৈ বাধ্য হৈ পৰিছিল ৷ একেদৰে ‘লোকেল কুংফু 2’ ছবিখনেও যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছিল ৷ দুয়োখন ছবিৰ সফলতাৰ পাচত এতিয়া শীঘ্ৰেই আহি আছে ‘লোকেল কুংফু -৩’ ৷  

পূৰ্ণগতিত চলিছে ‘লোকেল কুংফু -৩’ৰ দৃশ্যগ্ৰহণ । অহা বৰ্ষৰ ছেপ্টেম্বৰত মুক্তি লাভ কৰিবলগীয়া এই চিনেমাখনৰ প্ৰায় ২৫ শতাংশ চিত্ৰগ্ৰহণ সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে চিনেমাখনৰ পৰিচালক কেনী দেউৰী বসুমতাৰীয়ে । মহানগৰীৰ ভিন্ন প্ৰান্তত ইতিমধ্যে শ্বুটিং সম্পন্ন কৰা চিনেমাখনত লোকেল কুংফু প্ৰথমৰ প্ৰায়বোৰ চৰিত্ৰ দেখিবলৈ পাব দৰ্শকে ।

শেহতীয়াকৈ মহানগৰীৰ ভিন্ন প্ৰান্তত চলিছে হাস্যৰস আৰু একচনধৰ্মী চিনেমাখনৰ চিত্ৰগ্ৰহণ । ইফালে অভিনেতা বনী দেউৰী, উৎকল হাজোবাৰী, বিভাষ সিং, জনী দেউৰীকে ধৰি কেইবাজনো অভিনেতা-অভিনেত্ৰীক দৰ্শকে দেখিবলৈ পাব বুলি কেনী বসুমতাৰীয়ে জানিবলৈ দিয়ে । ইফালে শিক্ষক আৰু ছাত্ৰৰ এক মধুৰ সম্পৰ্ক দেখুওৱা চিনেমাখন অহা বৰ্ষৰ শিক্ষক দিৱসৰ দিনাই ছবিগৃহলৈ আহিব বুলিও সদৰী কৰে ।

লগতে পঢ়ক: Kenny Basumatary Interview: কিয় FTII ত অধ্যয়নৰ সপোন আধৰুৱা হৈ ৰ’ল কেনী বসুমতাৰীৰ ?

ABOUT THE AUTHOR

Assam is a state which has a unique topography and culture. It is a major state among the North Eastern states. The region is strategically important because it shares international borders with Nepal, Bhutan, China, Myanmar and Bangladesh. ETV Bharat Assamese not only brings out stories from Assam but also from other North Eastern states. It exhaustively covers the region for its audiance....view details