তিতাবৰত কুঁৱাত পৰি মৃত্যু নাহৰফুটুকীৰ

By

Published : Sep 13, 2021, 8:48 PM IST

thumbnail

দেওবাৰে তিতাবৰত কুঁৱাত পৰি মৃত্যু এটা নাহৰফুটুকীৰ । তিতাবৰৰ ভাগ্যলক্ষ্মী গাঁৱৰ এটা পৰিয়ালৰ বাসগৃহৰ চৌহদত থকা কুঁৱাত পৰি মৃত্যু ঘটে নাহৰফুটুকীটোৰ । দেওবাৰে নিশা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই আহি নাহৰফুটুকীটো কুঁৱাত পৰে বুলি অনুমান কৰিছে গঞা ৰাইজে ৷ ঘৰৰ গৰাকীয়ে পুৱা নাহৰফুটুকীটো কুঁৱাত প্ৰত্যক্ষ কৰি খবৰ দিয়ে বনবিভাগক । পাচত বন বিভাগৰ লোকে কুঁৱাৰ পৰা উদ্ধাৰ কৰে নাহৰফুটুকীটোৰ মৃতদেহ ৷ বন বিভাগে জনোৱা অনুসৰি, মৃত নাহৰফুটুকীটোৰ বয়স প্ৰায় পাঁচ বছৰ ৷ প্ৰায় ৭ ফুট দীঘল নাহৰফুটুকীটো তিতাবৰ খণ্ড বন বিষয়া কাৰ্যলয়ত মৰণোত্তৰ পৰীক্ষা কৰা হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.