মাজুলীলৈ জাহাজৰ ব্যৱস্থা কৰিবলৈ চৰকাৰক আহ্বান লুৰীণজ্যোতি গগৈৰ

By

Published : Sep 15, 2021, 9:28 PM IST

thumbnail

বুধাবৰে মাজুলীত উপস্থিত হয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ । অসম জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে যোৱা 8 ছেপ্তেম্বৰত সংঘটিত হোৱা নিমাটীৰ ফেৰী দুৰ্ঘটনা অতি দুৰ্ভাগ্যজনক বুলি কয় । তেওঁ কয় যে, এই ফেৰী দুৰ্ঘটনাৰ লগত জড়িত সকলোকে তদন্তৰ আওঁতালৈ আনিব লাগে যাতে দোষী সাৰি যাব নোৱাৰে ৷ লগতে তেওঁ কয় এই ফেৰী দুৰ্ঘটনাত তিনি জন সম্ভাৱনা থকা লোকক হেৰুৱালো ৷ চৰকাৰে তেওঁলোকৰ পৰিয়ালক উচিত ক্ষতিপূৰণ দিব লাগে । ইফালে অসমৰ জাতীয় পৰিষদৰ সভাপতি গৰাকীয়ে মাজুলী যোৰহাট সংযোগী জাহাজৰ চলাচল কম হৈছে বুলি কয় ৷ অতি সোনকালে আৰু কেইখনমান জাহাজৰ চলাচল কৰিবৰ বাবে চৰকাৰক দাবী জনাই যাতে মাজুলীৰ মানুহে পাৰাপাৰ হোৱাৰ ক্ষেত্ৰত যি সমস্যাৰ সন্মুখীন হৈছে সেইয়া শেষ হয় । লুৰীণজ্যোতি গগৈয়ে আৰু বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰে বৰা উপাধি ব্যক্তিয়ে সত্ৰ নগৰী মাজুলীত চলাইছে সুৰা বেহা বুলি অভিযোগ উত্থাপন কৰে । উপ-নিৰ্বাচন সন্দৰ্ভত লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰি কয় যে, বিৰোধী শিবিৰৰ পৰা এজন উমৈহতীয়া প্ৰাৰ্থী দিয়াৰ চিন্তা কৰি থকা হৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.