সুস্মিতা দেবৰ তৃণমূলত যোগদানৰ সিদ্ধান্ত বুজি উঠা সম্ভৱ নহয়

By

Published : Aug 20, 2021, 10:12 AM IST

thumbnail

প্ৰাক্তন সাংসদ তথা সৰ্বভাৰতীয় মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ তৃণমূল কংগ্ৰেছৰ যোগদান বুজি উঠা সম্ভৱ নহয় ৷ কংগ্ৰেছ দলৰ পৰা মর্যাদা পোৱা সুস্মিতা দেবে কিহৰ বাবে কংগ্ৰেছ দল এৰি তৃণমূল কংগ্ৰেছ দলত যোগদান কৰিছে এই গোটেই বিষয়টো তেখেতৰ আভ্যন্তৰীণ সিদ্ধান্ত । বিগত বিধানসভা নিৰ্বাচনত কাছাৰ জিলাৰ কংগ্ৰেছ দলে সুস্মিতা দেবৰ নেতৃত্বত সাফল্য লাভ কৰিছিল । ছোনিয়া গান্ধী ৰাহুল গান্ধীৰ লগত ঘনিষ্ঠতা আছিল প্ৰাক্তন সাংসদ সুস্মিতা দেবৰ । এই মন্তব্য কাটিগৰাৰ বিধায়ক হাজী খলিল উদ্দিন মজুমদাৰৰ । তৃণমূল কংগ্ৰেছত যোগ দিলেও প্ৰাক্তন সংসদ সুস্মিতা দেব বিজেপিলৈ যোৱা নাই সেইটো ডাঙৰ সিদ্ধান্ত । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত অসমত কংগ্ৰেছ পুনৰ শক্তিশালী হৈ উঠিব । 2024 চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছ দল ক্ষমতালৈ ঘুৰি আহিব বুলিও হুংকাৰ বিধায়ক হাজী খলিল উদ্দিন মজুমদাৰৰ । কাছাৰত সুস্মিতা দেব অবিহনেই কংগ্ৰেছ দলক আগুৱাই লৈ যোৱা হ’ব বুলিও কয় বিধায়ক খলিল উদ্দিন মজুমদাৰে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.