Adorable Lion Cub Video : ভুৱনেশ্বৰৰ নন্দনকানন জুলজিকেল পাৰ্কত এক নান্দনিক দৃশ্য

By

Published : Jan 28, 2022, 9:33 PM IST

thumbnail

উৰিষ্যাৰ ভুৱনেশ্বৰৰ নন্দনকানন Zoological Park ত এক নান্দনিক দৃশ্য (Nandakanan Zoological Park in Bhubaneswar) ৷ পাৰ্কখনত থকা 7 মাহৰ এটি সিংহ পোৱালীয়ে তাইৰ তত্ত্বাৱধায়কৰ সৈতে সময় উপভোগ কৰা দৃশ্যটি মনোমহা হৈ পৰিছে ( Adorable Lion cub Video) ৷ জানিব পৰা মতে, সিংহ পোৱালীটোৰ লগতে আন দুটা পোৱালীক জন্মৰ ঠিক পিছতেই মাতৃয়ে এৰি থৈ গৈছিল ৷ ইতিমধ্যে এই সিংহ পোৱালীটোৰ লগৰে আন দুটা পোৱালীৰ পুষ্টিৰ অভাৱত মৃত্যু হৈছে ৷ তাৰ পিছতেই 7 মহীয়া সিংহ পোৱালীটোৰ নন্দনকানন Zoological Park কৰ্তৃপক্ষই সম্পূৰ্ণ দায়িত্ব লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰে (Nandakanan Zoological Park authorities) ৷ কৰ্তৃপক্ষই এই সিংহ পোৱালীটোৰ নাম ৰাখিলে বৰ্ষা ৷ নন্দনকানন Zoological Park কৰ্তৃপক্ষৰ তত্বাৱধানত লাহে লাহে বৰ্ষা সুস্থ হৈ উঠে ৷ প্ৰথম অৱস্থাত ক’ভিডকালীন পৰিস্থিতিৰ বাবে পাৰ্ক কৰ্তৃপক্ষই যথেষ্ট কষ্টৰ সন্মুখীন হৈছিল (Authorities faced some struggles during the time of COVID) যদিও পিছলৈ তেওঁলোকে বিশেষজ্ঞৰ সহায়ত দায়িত্বশীলতাৰে তাইৰ যত্ন ল'বলৈ সক্ষম হৈছিল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.