প্ৰেম কৰোতে সাৱধান ! Social mediat ত ভাইৰেল এই ভিডিঅ’ত কি আছে চাওক...

By

Published : Aug 12, 2021, 2:13 PM IST

thumbnail

প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল ৷ সঁচাকৈয়ে অপাৰ মহিমা এই প্ৰেমৰ ৷ প্ৰেমৰ বাবে মানুহে নকৰে বা কি ? আমাৰ এই প্ৰতিবেদন চোৱাৰ পিছত আপুনিও ভাবিবলৈ বাধ্য হৈ পৰিব...ৱাহ ৰে কি প্ৰেম ! এই প্ৰেমৰ বাবে দুগৰাকী যুৱতীৰ মাজত চলিল চুলিয়াচুলি ৷ হাৰে চুলিয়াচুলিতেই ক্ষান্ত থাকিলে হ’ব জানো ? নাই নহ’ব...কথা বিষম ৷ পিছে এওঁলোকে কি কৰিলে জানেনে ? চুলিয়াচুলিতে সমাপ্ত নহ’ল এওঁলোকৰ কাজিয়া ৷ এইবাৰ মাটিত বাগৰি বাগৰি কাজিয়া কৰিব ধৰিলে যুৱতীদ্বয়ে ৷ আৰে ৰ’ব ৰ’ব কেছটো কি আপোনাক কৈছো ৷ আচলতে এওঁলোকে বয়ফ্ৰেণ্ডক লৈ কৰিছে কাজিয়া ৷ ঘটনাটো ঝাৰখণ্ডৰ সৰায়কেলা জিলাৰ অন্তৰ্গত চাণ্ডিল বজাৰৰ ৷ নিজৰ বয়ফ্ৰেণ্ডক অন্য যুৱতীৰ সৈতে দেখি মাটিত বাগৰি কাজিয়া কৰে যুৱতী দুগৰাকীয়ে ৷ যুৱতীদ্বয়ৰ কাজিয়া দেখি সমবেত হয় বহু লোক আৰু কাজিয়াৰ দৃশ্য আৱদ্ধ কৰে ম’বাইল ফোনত ৷ সম্প্ৰতি এই দৃশ্য ভাইৰেল হৈ পৰিছে Social media ত ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.