Man tries to end life on Railway track : ৰে’লৰ আগত পৰি আত্মহননৰ চেষ্টা চলোৱা লোকক উদ্ধাৰ

By

Published : Dec 30, 2021, 1:37 PM IST

thumbnail

ৰে'লৰ আগত পৰি আত্মহত্যাৰ চেষ্টা ৫৯ বছৰীয়া ব্যক্তিৰ (Man tries to end life on Railway track) । ৰে'ল সুৰক্ষা বাহিনীৰ মহিলা কনিষ্টবলৰ হস্তক্ষেপত প্ৰাণৰক্ষা মধুকৰ চাবলে নামৰ লোকজনৰ । মহাৰাষ্ট্ৰৰ শিৱদী ৰে'ল ষ্টেচনত সংঘটিত হৈছে এই ঘটনা । ৰে'ল ষ্টেচনৰ চিচিটিভি কেমেৰাত বন্দী সমগ্ৰ শিহৰণকাৰী দৃশ্য । চিচিটিভি ফুটেজত দেখা অনুসৰি এখন ৰে'ল ষ্টেচন অভিমুখে আহি আছিল । সেই সময়তে ৰে'লখনৰ আগত শুই পৰিছিল চাবলে । চাবলেক দেখাৰ লগে লগে সেই স্থানলৈ দৌৰি গৈছিল ৰে'ল সুৰক্ষা বাহিনীৰ মহিলা কনিষ্টবলৰ এটা দল আৰু তেওঁলোকে ৰে'লখন ৰখোৱাৰ বাবে সংকেত প্ৰদান কৰে ৷ অৱশেষত সুস্থ শৰীৰে চাবলেক উদ্ধাৰ কৰি প্লেটফৰ্মলৈ অনা হয় । সামাজিক মাধ্যমত ভিডিঅ'টো ভাইৰেল হোৱাৰ লগে লগে ৰে'ল সুৰক্ষা বাহিনীৰ মহিলা কনিষ্টবল ধনশ্ৰী পণ্ডিত শ্বেলাৰ আৰু মহিলা গৃহৰক্ষী ঋতুজা মাণ্ডেক সকলোৱে প্ৰশংসা কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.