Zubeen Garg cultural night: নলবাৰীত জুবিন গাৰ্গৰ সাংস্কৃতিক অনুষ্ঠান

By

Published : Dec 6, 2022, 12:44 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

নলবাৰীৰ দহকাউনীয়াত 125 সংখ্যক আঘোণৰ পূৰ্ণিমা সভা মহোৎসৱৰ আয়োজন কৰা হয় ৷ মহোৎসৱৰ বিশেষ আকৰ্ষণ আছিল জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Zubeen Garg In Nalbari) । নিশা হাজাৰ হাজাৰ দৰ্শকে উপভোগ কৰিলে জুবিন গাৰ্গৰ সংগীতানুষ্ঠান (Zubeen Garg performs cultural program at Nalbari) । অনুষ্ঠানৰ আৰম্ভণিতে জুবিনে তেওঁৰ আগন্তুক ছবি ‘ৰাজনীতি’ সন্দৰ্ভত উপস্থিত দৰ্শকক জ্ঞাত কৰে ৷ ঘোষকে ছবিখন সন্দৰ্ভত দৰ্শকক কিছু কথা জনোৱাৰ লগতে কয় যে, অহা 23 ডিচেম্বৰত ছবিখনে মুক্তি লাভ কৰিব ৷ ফুটবল খেল সন্দৰ্ভতো জুবিনে কৰিলে গুৰুত্বপূৰ্ণ মন্তব্য । অসমত অতিশীঘ্ৰে এটা শক্তিশালী ফুটবল টীম গঠন কৰিবলৈ থকা তেওঁৰ আগ্ৰহৰ কথাও প্ৰকাশ কৰে জুবিন গাৰ্গে । সংগীতানুষ্ঠানৰ মাজতেই ৰাজনীতি বোলছবিৰ বেনাৰ মুকলি কৰিলে জুবিন গাৰ্গে (Zubeen Garg upcoming film) ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.