Youth missing in Guwahati: গুৱাহাটীত সন্ধানহীন দুলীয়াজানৰ যুৱক

By

Published : Aug 2, 2022, 10:54 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

গুৱাহাটীত সন্ধানহীন দুলীয়াজানৰ এজন যুৱক (Duliajan youth missing in Guwahati)। যুৱকগৰাকী দুলীয়াজানৰ সৰু পথাৰ বঙালী গাঁৱৰ দিগন্ত সোণোৱাল আৰু ৰুমা শইকীয়া সোণোৱালৰ পুত্ৰ পৰাগ সোণোৱাল ৷ জানিব পৰা মতে উত্তৰ প্ৰদেশৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত যুৱকজন কেইদিনমান পূৰ্বে অসমলৈ উভতি আহিছিল । ইয়াৰ পাছতে গুৱাহাটীত প্ৰায় ১০ দিন ব্যক্তিগত প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত আছিল বুলি পৰাগে পিতৃ আৰু মাতৃক ফোন যোগে অৱগত কৰাইছিল । ঘৰৰ একমাত্ৰ সন্তানটি গুৱাহাটী চহৰত সন্ধানহীন হৈ থকা ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰিছে যদিও যুৱকজনৰ কোনো শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই । কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান লাভ কৰিলে 99572 84985 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে (Youth missing in Guwahati)।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.