Barpeta suicide case : গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

By

Published : Dec 10, 2022, 1:36 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail

বৰপেটা জিলাৰ বালাৰপেটত চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা (Mysterious suicide case in Barpeta)। গছত চিপ লোৱা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ । সৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপেটৰ এই আত্মহত্যাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো কমল বেজবৰুৱা নামৰ ২৭ বছৰীয়া যুৱকৰ বুলি জানিব পৰা গৈছে (Youth commits suicide in Barpeta)। উল্লেখ্য যে যুৱকজনৰ সৰভোগৰে এগৰাকী যুৱতীৰ সৈতে বিয়া ঠিক হৈছিল । ইতিমধ্যে সামাজিকভাৱে আঙুঠি পিন্ধোৱাৰ লগতে আইনীভাৱে বিবাহো সম্পন্ন হৈছিল । মাত্ৰ বাকী আছিল সামাজিক পদ্ধতিৰে কইনা ঘৰলৈ অনা পৰ্ব । বিয়াৰ তাৰিখ ঠিক কৰাৰ উদ্দেশ্যে দেওবাৰে যুৱতীগৰাকীৰ পৰিয়ালৰ লোক যুৱকজনৰ ঘৰলৈ অহাৰ কথা আছিল । কিন্তু কি কাৰণত যুৱকজনে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে তাকে লৈ আচৰিত হৈ পৰিছে পৰিয়ালৰ লোকসকল । যুৱতীগৰাকীৰ বাসগৃহতো শোকাকুল পৰিৱেশে বিৰাজ কৰিছে । স্বামী ঘৰত পদাৰ্পণ কৰাৰ পূৰ্বেই বিধৱাৰ সাজ পিন্ধিব লগা হ'ল যুৱতীগৰাকীয়ে ।

Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.