Preaching Christianity in Dibrugarh: ডিব্ৰুগড়ত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন, ধৰ্ম প্ৰচাৰ কৰিব গৈ আটক তিনিগৰাকী

By

Published : Dec 2, 2022, 9:55 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ডিব্ৰুগড়ত খ্ৰীষ্টান ধৰ্মৰ আগ্ৰাসন (Preaching Christianity) । খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি অহাৰ অভিযোগত দুই যুৱতীসহ এজন যুৱকক আটক ডিব্ৰুগড় আৰক্ষীৰ । চহৰখনৰ এইছ এছ ৰোডত হিন্দু ধৰ্মাৱলম্বী লোক সকলৰ মাজত খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰ চলাই থকাৰ সময়তে স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰে তিনি প্ৰচাৰকক । এই তিনি প্ৰচাৰকৰ বিৰুদ্ধে বলপূৰ্বকভাৱে খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ অভিযোগ । এশ দেৱ-দেৱীক আৰাধনা কৰাতকৈ এজন যীশু খ্ৰীষ্টক স্মৰণ কৰিলে সমস্ত দোষ-পাপ খণ্ডন হ’ব বুলি চলাইছিল প্ৰচাৰ । হিন্দু দেৱ-দেৱীৰ নামত অপ প্ৰচাৰেৰে খ্ৰীষ্টান ধৰ্মৰ প্ৰতি আকৃষ্ট কৰাৰ চেষ্টা খ্ৰীষ্টান ধৰ্মৰ প্ৰচাৰকৰ । এই কাৰ্যত ক্ষুব্ধ হিন্দুত্ববাদী সংগঠন আৰ এছ এছে জিলা প্ৰশাসনক এইসকল প্ৰচাৰকৰ বিৰুদ্ধে দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.