নলবাৰীত সংঘটিত ট্ৰেক্টৰ দুৰ্ঘটনাত নিহত শ্ৰমিক

By

Published : Sep 22, 2022, 10:28 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নলবাৰীৰ সৰিয়হতলীত ভয়ংকৰ ঘটনা ৷ এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত নিহয় হয় এজন শ্ৰমিক (Worker died in a tractor accident in Nalbari)। ঘটনাৰ বিৱৰণি অনুসৰি জিলাখনৰ সৰিয়হতলীৰ (Tractor accident at Sariyahtali in Nalbari)সমীপত হাৰ্ডৱেৰৰ সামগ্ৰী কঢ়িওৱা এখন ট্ৰেক্টৰ দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত তফাজুল আলী নামৰ এজন শ্ৰমিকৰ মৃত্যু হয় । জানিব পৰা মতে, নলবাৰী চহৰৰ পৰা সৰিয়হতলীৰ বাপুজি চ'কলৈ গৃহ নিৰ্মাণৰ সামগ্ৰী কঢ়িয়াই নি থকা অৱস্থাত বাপূজী চ'কত ট্ৰেক্টৰখনে ভাৰসাম্য হেৰুৱাই বাগৰি পৰে । ফলত তফাজুল আলী নামৰ শ্ৰমিকজন ট্ৰেক্টৰৰ সামগ্ৰীৰ তলত সোমাই যায় । ৰাইজে তেওঁক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়লৈ(Shaheed Mukund Kakati Civil Hospital in Nalbari) লৈ যায় যদিও ইয়াৰ পূৰ্বেই শ্ৰমিকজনৰ মৃত্য়ু হয় ।

Last Updated : Feb 3, 2023, 8:28 PM IST

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.