হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীৰ উপদ্ৰৱ

By

Published : Sep 10, 2022, 3:09 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত বন্যহস্তীৰ তাণ্ডৱ অব্যাহত আছে (Wild elephant terror in Assam)। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে প্ৰায়ে জনাঞ্চলত প্ৰৱেশ কৰি উপদ্ৰৱ চলোৱা দেখা যায় । যাৰ ফলস্বৰূপে হাতী মানুহৰ সংঘাতৰ সৃষ্টি হয় (Human elephant conflict)। বিশ্বনাথ জিলাৰ বিভিন্ন অঞ্চলত এই ধৰণৰ ঘটনা বৃদ্ধি পাইছে । যোৱা কেইবাদিনো ধৰি গহপুৰ হেলেমৰ কুৰুৱা পথাৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই আছে । বনৰীয়া হাতীয়ে খেতি পথাৰৰ শস্য খোৱাৰ লগতে নষ্ট কৰিছে (Wild elephants are destroying crops)। নিশা হ'লেই বন্যহস্তীয়ে খেতিপথাৰত উপদ্ৰৱ চলায় । ৰাইজে অভিযোগ কৰা মতে কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ দিশৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা প্ৰায় ৫০-৬০ জনীয়া বন্যহস্তীৰ জাকে কুৰুৱা পথাৰ, কুৰুৱাবস্তী, শান্তিপুৰ আদি অঞ্চলত প্ৰায়ে উপদ্ৰৱ চলাই আহিছে । সেয়ে সন্ধিয়া হ'লেই চিন্তিত হৈ পৰে অঞ্চলবাসী । বনৰীয়া হাতীৰ ভয়ে টোপনি কাঢ়িছে অঞ্চলটোৰ ৰাইজৰ । কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে স্থানীয় লোকসকলে (Forest department failed to stop elephant menace)। সেয়ে সংবাদমাধ্যমৰ সন্মুখত ক্ষোভ প্ৰকাশ কৰিলে ভুক্তভোগী লোকসকলে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.