Water level of Brahmaputra: মাজুলীত অস্বাভাৱিকভাৱে শুকাইছে ব্ৰহ্মপুত্ৰৰ বুকু

By

Published : Nov 21, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:33 PM IST

thumbnail

মাজুলীত অস্বাভাৱিকভাৱে শুকাইছে মহাবাহু ব্ৰহ্মপুত্ৰৰ বক্ষ(Brahmaputra river goes abnormally dry) । মাজুলীত মহাবাহুৰ বুকুখন এতিয়া এটা সৰু জানৰ দৰে হৈ পৰিছে (Water level of the Brahmaputra) । ব্ৰহ্মপুত্ৰৰ জলস্তৰ অস্বাভাৱিকভাৱে হ্ৰাস পোৱাত অফলামুখ পাৰঘাটত ফেৰী চলাচলত অসুবিধাৰ সন্মুখীন হৈছে বিভাগৰ লগতে চালক(Ferry service in Majuli) । যাৰ ফলত মাজুলীৰ অফলামুখ পাৰঘাটত দুখন ফেৰীৰ চলাচল বন্ধ কৰিছে বিভাগে । কম পানীৰ বাবে এখন বিভাগীয় ফেৰী আৰু আনখন ব্যক্তিগত ফেৰীৰ চলাচল বন্ধ কৰিছে বিভাগে । এনেদৰে পানী শুকাই গলে বন্ধ হব পাৰে ৰপেক্স ফেৰী সেৱাও । এটা সপ্তাহৰ ভিতৰত দুটাকৈ স্থানত ঘাটৰ স্থান সলনি কৰিব লগীয়া হৈছে মাজুলীৰ অফলামুখ পাৰঘাটত । এতিয়া পুনৰ ব্ৰহ্মপুত্ৰৰ মাজভাগলৈ স্থানান্তৰ হৈছে ফেৰী ঘাট । ব্ৰহ্মপুত্ৰৰ এনে ৰূপ দেখি অফলামুখ পাৰঘাটত চিন্তিত বিভাগৰ লগতে নাৱৰ চালক ।

Last Updated : Feb 3, 2023, 8:33 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.