NRC base year in Assam: নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ বিপৰীত স্থিতি কিয় মুখ্যমন্ত্ৰীৰ: উপমন্যু হাজৰিকা

By

Published : Jan 22, 2023, 4:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

কি হ’ব অসমত নাগৰিকত্বৰ ভিত্তিবৰ্ষ ? 1951 নে 1971 চন ? তাকে লৈ ৰাজ্যত অব্যাহত আছে ক্ৰিয়া-প্ৰতিক্ৰিয়া(Citizenship base year in Assam) ৷ অসমত নাগৰিকত্বৰ ভিত্তি বৰ্ষকলৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই গ্ৰহণ কৰা স্থিতিক পুনৰ সমালোচনা প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক তথা উচ্চতম ন্যায়ালৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই ৷ ভিত্তিবৰ্ষক লৈ মুখ্যমন্ত্ৰীয়ে বিপৰীত মন্তব্য কৰাৰ অভিযোগ উপমন্যু হাজৰিকাৰ(Upamanyu Hazarika) ৷  

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মতে, যিহেতু চৰকাৰে ভিত্তিবৰ্ষ 1971 হিচাপে স্বাক্ষৰ কৰিছে সেয়েহে ভিত্তিবৰ্ষ 1971 চনেই হ’ব ৷ কিন্তু ব্যক্তিগতভাৱে নাগৰিকত্বৰ ভিত্তি তেওঁ 1951 চন হোৱাটো বিচাৰে বুলিও উল্লেখ কৰিছিল ৷ ইয়াৰ পিচতেই মুখ্যমন্ত্ৰীক উভতি ধৰিছে উপমন্যু হাজৰিকাই ৷ 1971 চনক যদি চৰকাৰে মান্যতা প্ৰদান কৰিছে, তেন্তে মুখ্যমন্ত্ৰীয়ে নিজেই 1971 চনৰ মান্যতাক উলংঘা কৰিছে বুলিও কয় উপমন্যু হাজৰিকাই ৷  

লগতে উপমন্যু হাজৰিকাই কয় ‘‘ যদি 2011 চনলৈকে অসমলৈ অহা বিদেশী নাগৰিকক(Immigrants in Assam)  ভূমি আবণ্টন দিয়া হয় আৰু নাগৰিকত্ব প্ৰদান কৰা হয় তেন্তে মুখ্যমন্ত্ৰীয়ে পুনৰ এটা নতুন ভিত্তি বৰ্ষ 2011 সৃষ্টি কৰিলে ৷’’ কংগ্ৰেছৰ চৰকাৰৰ দিনত অসম চুক্তি ৰূপায়ন মন্ত্ৰী হৈ থকা অৱস্থাত হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) 1971 চনৰ সপক্ষে শপতনামা প্ৰদান কৰিছিল, কিন্তু বিজেপিলৈ অহাৰ পিচতো সেই শপতনামা সলনি নহ’ল বুলি কয় উপমন্যু হাজৰিকাই ৷  

উল্লেখ্য যে, 14 ফেব্ৰুৱাৰীত পুনৰ উচ্চতম ন্যায়ালয়ত হ’ব অসমৰ নাগৰিকত্ব ভিত্তিবৰ্ষৰ শুনানি(Hearing on Assam NRC base year)  ৷ গতিকে তাৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে সঁচাকৈয়ে নাগৰিকত্বৰ ভিত্তি বৰ্ষ 1951 চন হোৱাটো বিচাৰে তেন্তে পূৰ্বৰ শপতনামা সলনি কৰিবলৈ আহ্বান উপমন্যু হাজৰিকাৰ ৷ 

শুকুৰবাৰেও নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ দিল্লীত সৰৱ হৈছিল প্ৰব্ৰজন বিৰোধী মঞ্চৰ আহ্বায়ক উপমন্যু হাজৰিকা ৷ সংবাদমেলত চৰকাৰৰ আৰু আছুৰ স্থিতিকো সমালোচনা কৰিছিল জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ৷ 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.