Two oil thieves arrested in Bihar: বিহাৰত দুই তেলচোৰক গ্ৰেপ্তাৰ কৰিলে টীয়ক আৰক্ষীয়ে

By

Published : Jan 24, 2023, 5:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোপন সূত্ৰৰ পম খেদি টীয়ক আৰক্ষীয়ে খাৰুৱা তেলচুৰি চক্ৰৰ সৈতে জড়িত দুই তেলচোৰক বিহাৰত গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (Two oil thieves arrested in Bihar) । ধৃত দুজনৰ নাম লুচু ওৰফে অপূৰ্ব গগৈ আৰু লুথু ওৰফে দেৱ কুমাৰ ফুকন ৷ দুয়োজনৰে ঘৰ তিনিচুকীয়া জিলাৰ লোহৰী বঙালী গাঁৱত বুলি জানিবলৈ পৰা গৈছে । ইপিনে টীয়ক আৰক্ষীয়ে আজি দুই তেলচোৰক ট্ৰেইন যোগে আনি টীয়ক থানাত উপস্থিত কৰাই অব্যাহত ৰাখিছে তদন্ত । ইপিনে টীয়ক আৰক্ষীয়ে দুদিন পূৰ্ৱে ডিমৌৰ পৰা বিৰাজ বৰগোঁহাই নামৰ আন এজন যুৱকক অবৈধ তেলচুৰি কাৰ্যৰ সৈতে জড়িত থকাৰ সন্দেহত গ্ৰেপ্তাৰ কৰিছে । উল্লেখযোগ্য যে, ২০২২ চনৰ ৩১ অক্টোবৰৰ নিশা টীয়কৰ হাহঁচৰা চাংমাই গাঁৱত খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই অবৈধভাৱে খাৰুৱা তেল সৰবৰাহৰ অভিযোগত টীয়ক আৰক্ষী থানাত ৰুজু হৈছিল এক গোচৰ আৰু তেতিয়াৰে পৰা টীয়ক আৰক্ষীয়ে বিভিন্ন তথ্য- সুত্ৰৰ পম খেদি অব্যাহত ৰাখিছে অভিযান ৷ ২৩৭/২২ নম্বৰত থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত এই পৰ্যন্ত খাৰুৱা তেলচুৰি চক্ৰৰ লগত জড়িত ৭ জনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী ৷ দুষ্ট চক্ৰটোৰ বিৰুদ্ধে অনাগত দিনতো তীব্ৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিছে আৰক্ষীয়ে (Teok police station)।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.