Tiger cub rescued in Darrang: সাতখলিত উদ্ধাৰ তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি

By

Published : Nov 29, 2022, 10:03 PM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

দৰঙৰ ছিপাঝাৰৰ সাতখলিত উদ্ধাৰ তিনিটা নাহৰফুটুকী বাঘৰ পোৱালি (Tiger cub rescued in Darrang)৷ এজন কৃষকে পথাৰলৈ যাওঁতে উদ্ধাৰ কৰে বাঘৰ পোৱালি তিনিটা ৷ স্থানীয় লোকৰ তৎপৰতাত পথাৰৰ পৰা উদ্ধাৰ কৰা হয় পোৱালি কেইটাক ৷ ইফালে ঘটনা সন্দৰ্ভত খবৰ দিয়া হয় বন বিভাগৰ লোকক ৷ কিন্তু খবৰ দিয়াৰ পাচতো বাতৰি লিখা পৰলৈকে উক্ত স্থানত উপস্থিত হোৱা নাই বন বিভাগৰ লোক ৷ আনহাতে, এই খবৰ বিয়পি পৰাৰ পাচতে বাঘৰ পোৱালি কেইটা চাবলৈ বহু লোকে ভিৰ কৰা পৰিলক্ষিত হয় ৷ উল্লেখ্য যে, কেবাদিন ধৰি বাঘে উক্ত অঞ্চলটোত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল ৷ ইতিমধ্যে দুটাকৈ পশুধনক আক্ৰমণ কৰিছে বাঘে ৷ যাক লৈ শংকিত হৈ পৰিছে এতিয়া অঞ্চলটোৰ স্থানীয় লোক ৷

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.