চোৰৰ টিঘিলঘিলনি; হাতে লোটে আটক চিলনী চোৰক

By

Published : Sep 23, 2022, 7:29 AM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

নলবাৰী চহৰত নিতৌ বৃদ্ধি হ’বলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস ৷ বৃহস্পতিবাৰে সন্ধিয়া ৰাজপথত ধনৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক হাটে-লোটে ধৰিবলৈ সক্ষম হয় স্থানীয় লোকে ৷ নলবাৰী হাজো ৰোডস্থিত থানা চ'কৰ ষ্টেট বেংক শাখাৰ পৰা ঠুটিকাতা অঞ্চলৰ ধনো আলীয়ে 40,000 টকা উলিয়াই আনিছিল (Thief snatching money bag in Nalbari) ৷ লোকজনে ধনখিনি উলিয়াই আনি এখন কিতাপৰ দোকানত সোমাই কিতাপ ক্ৰয় কৰি থকাৰ সময়তে চোৰটোৱে ধনৰ বেগটো লৈ উধাও হয় ৷ লগে লগে লোকজনে চিঞৰ বাখৰ কৰাত স্থানীয় লোকৰ লগতে আৰক্ষী সৰৱ হৈ চোৰটোক খেদি যায় ৷ স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে হাটে লোটে ধৰিবলৈ সক্ষম হয় চোৰ ৰচিদুল চৌধুৰীক ৷ চোৰটো নলবাৰীৰ কৰ্দেতোলাৰ ৰচিদুল চৌধুৰী বুলি জানিব পৰা গৈছে (Thief arrested in Nalbari) ৷ ধৃত চোৰটোৰ পৰা এখন বাইক জব্দ কৰিবলৈ সক্ষম হয় নলবাৰী আৰক্ষী ৷ বৰ্তমান নলবাৰী আৰক্ষীয়ে জেৰা চলাই আছে ধৃত চিলনী চোৰটোক।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.