Theft in Tinsukia : তিনিচুকীয়া আৰক্ষীৰ শক্তি উদঙাই ওৰে নিশা চোৰৰ অভিযান

By

Published : Jan 19, 2023, 7:35 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

পথটোৰ ইটো পাৰে তিনিচুকীয়া সদৰ থানা (Tinsukia Sadar Police Station)৷ সিটো পাৰে প্ৰায় 20 মিটাৰ দূৰত্বত ওৰে নিশা চোৰে চলালে অভিযান (Theft in Tinsukia)৷ চোৰে দুখনকৈ দোকানৰ টিনপাত কাটি চলালে লুটপাত ৷ নিশকতীয়া তিনিচুকীয়া আৰক্ষী নাক বজাই শুই থকাতে থাকিল ৷

তিনিচুকীয়া আৰক্ষীৰ দুৰ্বলতাৰ সুযোগ লৈ বুধবাৰে নিশা দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে অভিযান চলালে ৷ বাণিজ্যিক চহৰখনত চুৰিকাণ্ডৰ ঘটনা অব্যাহত ৰাখি পুনৰবাৰ ফটফটীয়াকৈ ওলাই পৰিলে অসম আৰক্ষীৰ আমুল পৰিৱৰ্তনৰ প্ৰকৃত স্বৰূপ ৷ তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ মাত্ৰ 20-30 মিটাৰ দূৰত্বতে চোৰে প্ৰমাণ কৰিলে আৰক্ষীৰ শক্তি কিমান ৷

থানাৰ সমীপৰ মাৰুতী এণ্টাৰপ্ৰাইজ আৰু নিউ ষ্টেণ্ডাৰ চাইকেল কোঃ নামৰ দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ ওপৰফালৰ পৰা টিন কাটি চোৰে প্ৰৱেশ কৰিলে ভিতৰত ৷   দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ অভিযোগ অনুসৰি নগদ ধনসহ প্ৰতিষ্ঠানৰ সামগ্ৰীও চুৰি কৰি লৈ যায় চোৰৰ দলটোৱে ৷

পৰৱৰ্তী সময়ত ব্যৱসায়িক প্ৰতিষ্ঠানৰ সমীপতে থকা তিনিচুকীয়া সদৰ আৰক্ষী থানাত ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ স্বত্বাধিকাৰীয়ে চুৰি হোৱাৰ সন্দৰ্ভত এজাহাৰ দাখিল কৰে ৷ থানাৰ সন্মুখতে সংঘটিত চুৰিকাণ্ড সন্দৰ্ভত তিনিচুকীয়া সদৰ আৰক্ষীয়ে বিষয়টোত বিশেষ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৷

আনহাতে, চুৰিকাণ্ডৰ ভিডিঅ’ ফুটেজো লাভ কৰিবলৈ সক্ষম হোৱা নাই (Thief CCTV footage)৷ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ এখনত চিচিটিভি কেমেৰাৰ সংযোগ আছে যদিও নিশা বিদ্যুৎ সংযোগ কৰ্তন কৰি থৈ যোৱাৰ বাবে চুৰিকাণ্ডৰ দৃশ্য কেমেৰাত আৱদ্ধ নহ’ল বুলি জানিবলৈ দিয়ে প্ৰতিষ্ঠানখনৰ গৰাকীয়ে ৷

আনহাতে দ্বিতীয়খন ব্যৱসায়িক প্ৰতিষ্ঠানত চিচিটিভি কেমেৰাৰ সংযোগ নাছিল বুলি জানিব পৰা গৈছে ৷ সকলো ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে ব্যক্তিগত, ৰাজহুৱা সম্পত্তিত গোপন কেমেৰা সংস্থাপনৰ বাবে আৰক্ষীয়ে আহ্বান জনোৱাৰ পিচতো গোপন কেমেৰাৰ সংযোগ নকৰাৰ প্ৰসংগটো চৰ্চালৈ আহিছে ৷

আনহাতে তিনিচুকীয়া সদৰ আৰক্ষী থানাৰ সমীপতে তথা মুখ্য পথৰ কাষৰ দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানত একে নিশাই টিনপাট কাটি চুৰিকাণ্ড চলোৱাত বাণিজ্যিক চহৰখনত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে আৰু সমান্তৰালভাৱে আৰক্ষীয়েও উক্ত ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.