ধৰ্ষণৰ অপচেষ্টা, বঙাইগাঁৱত আটক যুৱক

By

Published : Sep 28, 2022, 1:26 PM IST

Updated : Feb 3, 2023, 8:28 PM IST

thumbnail

বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত গোলাপাৰাত চাঞ্চল্যকৰ ঘটনা (Shocking incident in Golapara)। নিশা এগৰাকী কিশোৰীক ধৰ্ষণ কৰিবলৈ গৈ কৰায়ত্ত যুৱক (Attempt to rape case in Bongaigaon)। অভিযুক্ত যুৱকজন ছানিদুল ইছলাম বুলি জানিব পৰা গৈছে । অভিযোগ অনুসৰি দীৰ্ঘদিন ধৰি দশম শ্ৰেণীৰ ছাত্ৰীগৰাকীক যুৱকজনে প্ৰেমৰ প্ৰস্তাৱ দি আহিছিল । কিন্তু কিশোৰীগৰাকীয়ে যুৱকজনক প্ৰত্যাখ্যান কৰি আছিল । ইয়াৰ পাছতে মঙলবাৰে নিশা প্ৰায় ২ মান বজাত ঘৰৰ খিৰিকীৰে কিশোৰীগৰাকীৰ কোঠালীত প্ৰৱেশ কৰে যুৱকজনে । তাৰ পাছতে যুৱকজনে ছাত্ৰীগৰাকীক ধৰ্ষণৰ অপচেষ্টা চলায় । কিন্তু সেই সময়ত কিশোৰীগৰাকীয়ে চিঞৰ-বাখৰ কৰাত পৰিয়ালৰ লোকে যুৱকজনক কৰায়ত্ত কৰে । লগে লগে অঞ্চলটোত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয় । যুৱকজনক আনকি স্থানীয় লোকে প্ৰহাৰো কৰে । অৱশেষত ঘটনাস্থলীত উপস্থিত হোৱা আৰক্ষীক গতাই দিয়ে যুৱকজনক (Youth arrested for trying to rape)। ইফালে যুৱকজনে অভিযোগ কৰা মতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল । কিশোৰীগৰাকীয়ে তেওঁক ঘৰলৈ মাতিছিল আৰু খিৰিকীও কিশোৰীগৰাকীয়েই খুলি দিছিল । দুয়োপক্ষৰ বিপৰীত মন্তব্যৰ পাছতে এতিয়া সমগ্ৰ ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে অঞ্চলটোত ।

Last Updated : Feb 3, 2023, 8:28 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.