Tanker caught fire: টীয়কৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলিল এখন টেংকাৰ

By

Published : Aug 6, 2022, 12:45 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দপদপাই জ্বলিল এখন টেংকাৰ (Tanker caught fire on NH-37 in Teok)। টীয়কৰ কলিয়াপানী তিনিআলিত সংঘটিত হৈছে এই দুৰ্ঘটনা । দুৰ্ঘটনাগ্ৰস্থ টেংকাৰখনৰ নম্বৰ AS11BC O575 । ইতিমধ্যে অগ্নিনিৰ্বাপক বাহিনীৰ তৎপৰতাত তথা ৰাইজৰ সহযোগত জুই নুমোৱাবলৈ সক্ষম হৈছে । জানিব পৰা মতে টেংকাৰখন কলিপানীৰ পৰা ইন্ধন খালী কৰি শিৱসাগৰ অভিমুখে গৈ আছিল । ডিপুৰ পৰা মাত্ৰ ৩০০ মিটাৰ নিলগত গৈ পথৰ ওপৰতে হঠাৎ এনেদৰে দপদপাই জ্বলি উঠে টেংকাৰখন । যান্ত্ৰিক বিজুতিৰ ফলতেই এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.