Smuggled rice seized: বিলাসীপাৰাত জব্দ ৬৬ বস্তা চোৰাং চাউল

By

Published : Aug 3, 2022, 1:09 PM IST

Updated : Feb 3, 2023, 8:25 PM IST

thumbnail

বিলাসীপাৰাত অব্যাহত আছে বগা চাউলৰ ক’লা বেহা । চোৰাং ব্যৱসায়ীয়ে নদী পথেৰে ন ন কৌশলেৰে চোৰাংকৈ চলাই আহিছে চাউলৰ ক’লা বেহা। এনে চোৰাং ব্যৱসায়ীক নাকী লগাবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগেও বিভিন্ন প্ৰক্ৰিয়াৰে চলাই আহিছে অভিযান । বুধবাৰে যোগান বিভাগে বিলাসীপাৰা কাঠালদিৰ বজাৰ ঘাটত গোপন খবৰৰ ভিত্তিত অভিযান চলাই জব্দ কৰে ৬৬ বস্তা চোৰাং চাউল ( Smuggled rice seized in Bilasipara)। জব্দকৃত চাউলখিনি ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বুলি জানিব দিয়ে যোগান বিভাগৰ অভিযানকাৰী দলটোৱে (Supply department seized smuggled rice)। চোৰাং বেপাৰীয়ে চাউলখিনি নদী পথেৰে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে যোগান বিভাগে । অৱশ্যে অভিযানকাৰী দলৰ উমান পাই পলায়ন কৰিবলৈ সক্ষম হয় চোৰাং বেপাৰীৰ দলটো ।

Last Updated : Feb 3, 2023, 8:25 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.