Ganja Seized in Guwahati: যোৰাবাটত গাঞ্জাসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Published on: Aug 2, 2022, 7:11 AM IST

ৰাজ্যৰ অন্যান্য প্ৰান্তৰ দৰেই মহানগৰী তথা ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত বৰ্তমানেও অব্যাহত আছে গাঞ্জাৰ চোৰাং বেহা ৷ সোমবাৰে মহানগৰ আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ মাজতে যোৰাবাটৰ 11 মাইলত জব্দ হৈছে বৃহৎ পৰিমাণৰ গাঞ্জা(Ganja Seized in Guwahati)৷ এক গোপন সূত্ৰৰ পম খেদি যোৰাবাট আৰক্ষীয়ে মেঘালয়ৰ পৰা গুৱাহাটী অভিমুখী ML 10 C 9707 নাম্বাৰৰ এল্ট’ বাহনৰ পৰা জব্দ কৰে 40 কেজি গাঞ্জা (Ganja Seized at Jorabat)। লগতে আৰক্ষীয়ে আটক কৰে দুজন গাঞ্জা ব্যৱসায়ীক (Smugglers arrested with Ganja)। ধৃত গাঞ্জা ব্যৱসায়ী দুজনৰ নাম ৱিয়ান নংৰুম (23) আৰু কিৰ্টবক লাং মাৰৱেইন (30) ৷ জানিব পৰা মতে ধৃত গাঞ্জা ব্যৱসায়ী দুজনে গাঞ্জাখিনি মেঘালয়ৰ পৰা গুৱাহাটীলৈ সৰবৰাহৰ বাবে বাহনখনত লৈ আহিছিল ৷
Loading...