তিনিচুকীয়াত উদ্ধাৰ দুস্প্ৰাপ্য প্ৰজাতিৰ লাজুকী বান্দৰ

By

Published : Sep 13, 2022, 3:11 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

পৃথিৱীৰ পৰা ক্ৰমাৎ লুপ্তপ্ৰায় হৈ পৰিছে লাজুকী বান্দৰ । তেনে সময়তে তিনিচুকীয়া জিলাৰ ডুমডুমাত উদ্ধাৰ কৰা হয় দুস্প্ৰাপ্য প্ৰজাতিৰ এটা লাজুকী বান্দৰ(Slow Loris rescued in Doom Dooma) । স্থানীয় একাংশ লোকে আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটো উদ্ধাৰ কৰি ডুমডুমা আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ত গতাই দিয়ে । পৰৱৰ্তী সময়ত আঘাতপ্ৰাপ্ত লাজুকী বান্দৰটোক বন বিভাগে পশু চিকিৎসকৰ সহযোগত প্ৰাথমিক চিকিৎসাৰ ব্যৱস্থা কৰি গুইজানস্থিত বন্যপ্ৰাণী উদ্ধাৰ কেন্দ্ৰত গতাই দিয়ে । উল্লেখযোগ্য যে, কি পৰিস্থিতিত লাজুকী বান্দৰটো বনাঞ্চলৰ পৰা এইদৰে জনাঞ্চললৈ উলাই আহিল সেইয়া জানিব পৰা হোৱা নাই যদিও কুকুৰৰ আক্ৰমণত লাজুকী বান্দৰটো আঘাতপ্ৰাপ্ত হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে চিকিৎসকৰ দলে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.