Police raid in Dhubri: ধুবুৰীত দুদিনত গ্ৰেপ্তাৰ 16 জন

By

Published : Nov 30, 2022, 10:58 AM IST

Updated : Feb 3, 2023, 8:34 PM IST

thumbnail

ধুবুৰীত ভিন্ন অঞ্চলত আৰক্ষীৰ অভিযান(Police raid in various places in Dhubri) । বিভিন্ন গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হৈছে ষোল্লজনক (16 people arrested by dhubri police)। ধুবুৰী আৰক্ষীয়ে বিভিন্ন গোচৰৰ ভিত্তিত ষোল্ল জনকৈ লোকক গ্ৰেপ্তাৰ কৰি ধুবুৰী আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ধুবুৰী সদৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে সদৰী কৰা তথ্য অনুসৰি পুৰণি চুৰিৰ গোচৰ, গৰুৰ চোৰাং কাৰবাৰৰ গোচৰ আৰু ড্ৰাগছকে ধৰি ভিন্ন গোচৰৰ ভিত্তিত অভিযান চলায় ধুবুৰী আৰক্ষীয়ে । ধুবুৰী সদৰ আৰক্ষী থানা এলেকাৰ বিভিন্ন অঞ্চলৰ পৰা যোৱা দুটা দিনত মুঠ ষোল্ল জনকৈ লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰক্ষী । ধৃত কেইজনৰ ভিতৰত মইনুল হক, হাইদৰ আলী, কদম আলী, নেফাজ উদ্দিন, আৰিফ শেখ, গোপাল মণ্ডল, বাবু হুছেইন, আব্দুল বাতেন, আকতাৰ আলী, মফিদুল ইছলাম, এনামূল হক, আমজাদ আলী, জামিনুল ইছলামকে ধৰি 13 জনক আজি ধুবুৰী আদালতত হাজিৰ কৰোৱাৰ পিছত আদালতে আটাইকেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰে । আনপিনে কালি আন তিনিজনক আদালতৰ জৰিয়তে জেল হাজোতলৈকে প্ৰেৰণ কৰে বুলি সদৰী কৰে আৰক্ষী বিষয়াগৰাকীয়ে । উল্লেখ্য যে, মুঠৰ ওপৰত যোৱা দুটা দিনত ষোল্লজনকৈ লোকক ভিন্ন গোচৰৰ ভিত্তিত আৰক্ষীয়ে কৰায়ত্ত কৰি জেল হাজোত লৈ প্ৰেৰণ কৰাৰ লগতে এই সংক্ৰান্তত ধুবুৰী আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলিও সদৰী কৰে সদৰ আৰক্ষী বিষয়া পাৰ্থ প্ৰতিম গগৈয়ে ।

Last Updated : Feb 3, 2023, 8:34 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.