Senior journalist passes away: গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক কৌস্তভমণি হাজৰিকাৰ শেষ নিশ্বাস

By

Published : Jan 19, 2023, 10:32 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা লেখক কৌস্তভমণি হাজৰিকাই বৃহস্পতিবাৰে পুৱা ইহলীলা সম্বৰণ কৰে ৷ জ্যেষ্ঠ সাংবাদিক তথা লেখকগৰাকীৰ মৃত্যুত সমগ্ৰ জিলাখনতেই শোকৰ ছাঁ পৰিছে । শাৰিৰীক অসুস্থতাৰ বাবেই দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল জ্যেষ্ঠ সাংবাদিকগৰাকী ৷ অত্যন্ত বিনয়ী আৰু মৃদুভাষী যুৱ সাংবাদিকগৰাকীৰ মৃত্যু গোলাঘাটৰ সংবাদ আৰু সাহিত্যৰ ক্ষেত্ৰখনৰ বাবে অপূৰণীয় ক্ষতি(Journalist Kaustubhmani Hazarika passes away) ।

উল্লেখযোগ্য যে, প্ৰয়াত হাজৰিকা আছিল জাগৰণ প্ৰিণ্টাৰ্চৰ স্বত্বাধিকাৰ তথা সাপ্তাহিক বাতৰি কাকত 'জননী'ৰ বৰ্তমানৰ সম্পাদক । কেইবাখনো দৈনিক কাকতৰ সংবাদদাতাৰূপে কাৰ্যনিৰ্বাহ কৰা প্ৰয়াত হাজৰিকা এগৰাকী সক্ৰিয় সাহিত্যকৰ্মীও আছিল । অনুবাদ সাহিত্য, উপন্যাস, কবিতা পুঁথি আদিৰে তেওঁ অসমীয়া সাহিত্যৰ জগতখনলৈও উল্লেখযোগ্য বৰঙণি আগবঢ়াই গৈছে ।

আজি গুৱাহাটীলৈ চিকিৎসাৰ বাবে আনি থকা সময়তে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে অকাল মৃত্যুক আঁকোৱালি লয় ৷ মৃত্যুৰ সময়ত তেখেতে পত্নী আৰু এগৰাকী আঢ়ৈ বছৰীয়া সন্তানক ইহসংসাৰত এৰি থৈ যায় ৷ 

গোলাঘাট জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়, গোলাঘাট আছুৰ কাৰ্যালয়ৰ লগতে নগৰখনৰ বহুকেইটা স্থানত আজি জ্যেষ্ঠ সাংবাদিকগৰাকীক শেষ বিদায় জনাই বিভিন্ন দল সংগঠনৰ লগতে গুণমুগ্ধই । সাংবাদিকগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে অসম চৰকাৰৰ মন্ত্ৰী অজন্তা নেওগ, অতুল বৰা, বিধায়ক মৃণাল শইকীয়া, বিশ্বজিৎ ফুকনৰ লগতে প্ৰাক্তন বিধায়িকা বিস্মিতা গগৈয়ে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.