Karimganj Education Department Scam: কৰিমগঞ্জত ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা প্ৰকল্পত বৃহৎ কেলেংকাৰী

By

Published : Jan 7, 2023, 1:47 PM IST

Updated : Feb 3, 2023, 8:38 PM IST

thumbnail

কৰিমগঞ্জ শিক্ষা বিভাগৰ (Education Department Scam) ৰাণী লক্ষ্মীবাঈ আত্মৰক্ষা আঁচনিৰ (Rani Laxmibai Self Defence Project)নামত ভয়ংকৰ কেলেংকাৰী সংঘটিত হৈছে ৷ ঘটনা অনুসৰি এই আঁচনিৰ অধীনত ভুৱা হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিবলৈ জালিয়াতিৰ আশ্ৰয় লৈছে এটা দুষ্ট চক্ৰই (Scam in Rani Laxmibai Self Defence Project)৷ প্ৰথমে চক্ৰটোৱে নকল চাৰ্টিফিকেট তৈয়াৰ কৰি কৰিমগঞ্জৰ বিদ্যালয় পৰিদৰ্শকৰ কাৰ্যালয়ত জমা দিয়ে৷ ইয়াৰ পিছতেই এই সমগ্ৰ ঘটনা পোহৰলৈ আনে শ্বাহনেৱাজ ফ্লাইংফিট ক্যাৰাটে একাডেমীৰ বিষয় ববীয়াসকলে ৷ তেওঁলোকে জানিবলৈ দিয়া অনুসৰি ভুৱা এখন একাডেমীৰ নাম ব্যৱহাৰ কৰি ভুৱা হিতাধিকাৰীৰ নাম সন্নিবিষ্ট কৰিবলৈ প্ৰচেষ্টা চলাইছে দুই যুৱক যথাক্ৰমে হিফজুল ছিদ্দিকি আৰু আলী আহমেদে ৷ শনিবাৰে চক্ৰটোৰ বিৰুদ্ধে কৰিমগঞ্জ সদৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰে ফ্লাইংফিট ক্যাৰাটে একাডেমীৰ বিষয় ববীয়াসকলে ৷ ইয়াৰোপৰি অতিৰিক্ত জিলা উপায়ুক্তৰ সৈতে সাক্ষাৎ কৰি উপযুক্ত তদন্ত বিচাৰে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.